বিশিষ্ট শিক্ষাবিদ,লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড০ গিৰীশ শৰ্মাৰ দেহাৱসান...

বিশিষ্ট শিক্ষাবিদ,লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডঃ গিৰীশ শৰ্মাৰ দেহাৱসান...

author-image
Asomiya Pratidin
New Update
বিশিষ্ট শিক্ষাবিদ,লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড০ গিৰীশ শৰ্মাৰ দেহাৱসান...

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ,লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ গিৰীশ শৰ্মাৰ আজি (১৯ অক্টোবৰ', ২০২৪) সন্ধিয়া ৭ বজাত পৰলোকপ্ৰাপ্তি ঘটে । দীৰ্ঘদিন অসুস্থতাত ভুগি থকা অধ্যাপক শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি আছিল।

Advertisment

দৰ্শন বিভাগৰ এগৰাকী খ্যাতিসম্পন্ন তাত্ত্বিক হোৱাৰ লগতে তেখেত আছিল গীতিকাৰ আৰু কবি ।অসমীয়া ভাষা সাহিত্যলৈ বিভিন্ন ৰচনা শৈলীৰে তেখেতে অনবদ্য বৰঙণি আগবঢ়াইছিল।

তেখেত বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ সতে জড়িত আছিল ।তেখেতৰ মৃত্যুত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজৰ লগতে স্থানীয় বিভিন্নজনে মৃতকৰ ঘৰত উপস্থিত হৈ বিদেহ আত্মালৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

ডঃ গিৰীশ শৰ্মা