/asomiyapratidin/media/media_files/2025/11/30/356-2025-11-30-20-03-54.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : বৰ্তমান সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ কেইবাখনো জিলাত ড্ৰাগছৰ প্ৰচলন অব্যাহত আছে। বিগত সময়চোৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি ব্যাপক অভিযান আৰম্ভ কৰিছিল।
যাৰ ফলত একাংশ জিলাত ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস হৈছে যদিও সচেতন মহলৰ দাবী যে এতিয়াও ড্ৰাগছৰ পয়োভৰ অব্যাহত আছে। ছাত্ৰ-ছাত্ৰী আৰু যুৱসমাজক ড্ৰাগছকে ধৰি বিভিন্ন নিচা জাতীয় দ্ৰব্যৰ পৰা বিৰত থাকি নিজৰ বৃত্তি আৰু সামাজিক দায়বদ্ধতাৰে নিজৰ লগতে ৰাজ্যখনক কেনেকৈ আগুৱাই নিব এই সন্দৰ্ভত
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব সংবিধান সংসদ সংস্থাৰ, ভাৰতৰ সদস্য, আন্তৰ্জাতিক নেলচন মেণ্ডেলা শান্তি বঁটা প্ৰাপক অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই প্ৰেৰণাত্মক বক্তৃতা আগবঢ়ায়।
ড্ৰাগছ সেৱনে শাৰীৰিক আৰু মানসিক স্বাস্থ্যক সম্পূৰ্ণৰূপে ধংস কৰে। এজন ড্ৰাগছ ব্যৱহাৰকাৰীয়ে কি ভাল, কি বেয়া, কোনটো শুদ্ধ, কোনটো ভুল বিবেচনা কৰিব নোৱাৰে। এই মাৰাত্মক ড্ৰাগছ নিবাৰণৰ বাবে চৰকাৰৰ লগতে সমাজৰ প্ৰতিটো বৰ্গৰ লোক বিশেষকৈ অভিভাৱক আৰু শিক্ষক সকলৰ দায়িত্ব অধিক" বুলিও উল্লেখ কৰে ড° দিব্যজ্যোতি শইকীয়াই।
অসমৰ বিভিন্ন জিলাৰ লগতে বিগত ২৬, ২৭ আৰু ২৮ নৱেম্বৰত চৰাইদেউ জিলাৰ মৰাণ মহিলা মহাবিদ্যালয়, মৰাণ মহাবিদ্যালয়, সোনাৰী কণিষ্ঠ মহাবিদ্যালয়, বৰহাট বি পি বৰুৱা কণিষ্ঠ মহাবিদ্যালয়, সাপেখতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে ধৰি বহু কেইখন শিক্ষানুষ্ঠানত ব্যক্তিগত জীৱনৰ লগতে সামাজিক দায়বদ্ধতাৰে ড্ৰাগছৰ বিৰূদ্ধে কেনেকৈ যুঁজ দিব পাৰি আৰু ছাত্ৰ সকলে কেনেদৰে নিজৰ বৃত্তি বা জীৱিকাৰ পথ নিৰূপণ কৰি দেশ আৰু সমাজৰ হকে কাম কৰিব এই সম্পৰ্কে সজাগতাৰ বাবে সকলোকে আহ্বান জনায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us