/asomiyapratidin/media/media_files/2025/06/17/BtvUjcfWzyYnIOlX4hbz.jpeg)
ডিজিটেল ডেস্কঃ সুবক্তা, কবি, অনুবাদক ড০ দিগন্ত বিশ্ব শৰ্মাক আই আই টি গুৱাহাটীৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিচটেমৰ অনুশীলন অধ্যাপক (প্ৰফেচৰ অফ প্ৰেক্টিছ) হিচাপে নিযুক্তি দিয়া হৈছে। ২৯ মে’২০২৫ ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰথম অৱস্থাত এটা বছৰৰ বাবে তেওঁক এই পদত নিযুক্তি দিয়া হৈছে যদিও পৰৱৰ্তী সময়ত মুঠ তিনি বছৰলৈ এই পদৰ কাৰ্যকাল বৃদ্ধি কৰা হ’ব।
দিগন্ত বিশ্ব শৰ্মাৰ বিষয়ে চমুকৈ
দিগন্ত বিশ্ব শর্মা সমসাময়িক অসমৰ এগৰাকী অন্যতম পৰিচিত সুবক্তা; একাধাৰে কবি আৰু অনুবাদক। তেখেতৰ পিতৃ কবি-গীতিকাৰ-অনুবাদক প্রয়াত কৈলাশ নাথ শর্মা আৰু মাতৃ অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী।
শ্রীঅৰবিন্দৰ The Foundations of Indian Culture শীর্ষক সুবিখ্যাত গ্রন্থ অসমীয়ালৈ অনুবাদ কৰি দিগন্ত বিশ্ব শৰ্মাই ২০২০-ত লাভ কৰে সাহিত্য অকাডেমি অনুবাদ বঁটা। সম্প্রতি গুৱাহাটী বিশ্ববিদ্যালয়, আই.আই.টি. গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যথাক্রমে সংযুক্ত অধ্যাপক (Adjunct Professor) আৰু অনুশীলন অধ্যাপকৰূপে তেওঁ (Professor of Practice) কাৰ্যনিৰ্বাহ কৰি আছে।
মূল্যবোধৰ শিক্ষাৰ প্ৰতি আগ বঢ়োৱা বিশিষ্ট অৱদানৰ বাবে অসম বিশ্ববিদ্যালয়ে ২০২৪-ত শ্রীঅৰবিন্দৰ একান্ত অনুৰাগী দিগন্ত বিশ্ব শৰ্মাক প্রদান কৰে সন্মানীয় পি এইচ. ডি। ১৯৮৪-৩ দিগন্ত বিশ্ব শর্মা কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়।
গুৱাহাটী কমার্চ কলেজৰ পৰা ১৯৮৬-ত মেধা বৃত্তিসহ প্রথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু ১৯৮৯-ত প্রথম শ্রেণীত বাণিজ্য স্নাতকৰূপে তেওঁ উত্তীর্ণ হয়। পৰৱৰ্তী কালত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ উপৰি দিগন্ত বিশ্ব শৰ্মাই আইনৰ স্নাতক ডিগ্রীও লাভ কৰে।
১৯৮৩-ত কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্র একতা সভাৰ আলোচনী সম্পাদকৰূপে বিজয়ী হৈ দিগন্ত বিশ্ব শর্মাই বিগত পাঁচ বছৰে অপ্রকাশিত হৈ থকা বিদ্যালয়ৰ আলোচনী ‘জিলিকনি’ যথাসময়ত সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়ায়। ১৯৮৬-ত গুৱাহাটী কমার্চ কলেজ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰি তেওঁ বিজয়ী হৈছিল।
ছাত্ৰ অৱস্থাৰে পৰা দিগন্ত বিশ্ব শৰ্মা এগৰাকী প্রতিভাশালী তার্কিকৰূপেও পৰিচিত। আন্তঃ বিদ্যালয় তর্ক প্রতিযোগিতাসমূহত কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিচাপে পঞ্চমমানৰে পৰা অংশগ্ৰহণ কৰি তেওঁ কেইবাবাৰো পুৰস্কৃত হৈছিল।
পৰৱৰ্তী সময়ত নিৰৱচ্ছিন্নভাৱে সুদীর্ঘ পাঁচ বছৰ কাল গুৱাহাটী কমার্চ কলেজৰ হৈ আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাসমূহত অংশগ্ৰহণ কৰি পুৰস্কৃত হোৱাৰ পূৰ্ব ধাৰা একে ধৰণে তেওঁ অব্যাহত ৰাখিছিল। প্রণিধানযোগ্য যে ১৯৮৬-ত ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ উদ্যোগত (Association of Indian Universities) গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত পূব মাগুলিক আন্ত: বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ তৰ্ক প্রতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰি তেওঁ লাভ কৰিছিল প্রথম স্থান।
সেই বছৰতে তামিলনাডুৰ আন্নামাল্লাই বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰি তেওঁ দ্বিতীয় স্থান লাভ কৰিছিল। সাম্প্ৰতিক সময়ত দিগন্ত বিশ্ব শর্মা অসমৰ বিতৰ্ক কলা জগতৰ এগৰাকী আগশাৰীৰ বিচাৰক তথা অধ্যক্ষ।
১৯৯৫-ত অসম প্রশাসনীয় আৰু সহযোগী সেৱাৰ বাবে অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ যৌথ পৰীক্ষাত উত্তীৰ্ণ হৈ জিলা পৰিবহন বিষয়া পদত যোগদান কৰিছিল যদিও পৰৱৰ্তী কালত এক ভিন্ন জীৱন দৰ্শনৰ প্ৰতি অনুৰাগী হৈ তেওঁ সেই চৰকাৰী পদ ত্যাগ কৰে। দিগন্ত বিশ্ব শর্মা সাম্প্ৰতিক অসমৰ এগৰাকী সফল বক্তা। একাধিক বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ উচ্চ শিক্ষা প্রতিষ্ঠানৰ দ্বাৰা আয়োজিত পাঁচটা পৃথক পৃথক বক্তৃতা শৃংখলাত তেওঁ এতিয়ালৈকে মুঠতে প্রায় ছশ বক্তৃতা প্রদান কৰিছে।
তদুপৰি অসম তথা আন আন ৰাজ্যৰ এশ পঞ্চাশখনতকৈও অধিক চৰকাৰী-প্ৰাদেশীকৃত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত আমন্ত্রিত বক্তাৰূপে ইতিমধ্যে তেওঁ প্রায় দুশতকৈও অধিক বক্তৃতা প্রদান কৰিছে। ইয়াৰ উপৰি অনেক বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় আৰু ভিন ভিন সামাজিক সংস্থালৈও নির্দিষ্ট বক্তাৰূপে সততে আমন্ত্রিত হৈ সমাজ-সংস্কৃতি-কাব্য-সাহিত্য-শিল্প বিষয়ক ভিন ভিন বিষয়ত এতিয়ালৈকে তেওঁ দুশতকৈও অধিক বক্তৃতা প্রদান কৰিছে।
প্রয়াত সীতাৰাম গোয়েল ৰচিত মূল হিন্দী গ্ৰন্থৰ অসমীয়া অনুবাদ ‘চেকুলাৰিজিম: ৰাষ্ট্ৰদ্ৰোহৰ অন্য এক নাম’ তেওঁৰ প্রথম প্রকাশিত অনূদিত গ্রন্থ। শ্রীঅৰবিন্দ প্রণীত মূল ইংৰাজী গ্ৰন্থৰ অসমীয়া ভাষান্তৰ ‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’, ‘কর্মযোগী’, ‘ভাৰতৰ নৱজন্ম’, শ্রীঅৰবিন্দৰ মূল বাংলা গ্রন্থ ‘কাৰাকাহিনী আৰু গীতাৰ ভূমিকা’ দিগন্ত বিশ্ব শৰ্মাৰ আন আন উল্লেখযোগ্য প্রকাশিত অনূদিত গ্রন্থ।
মনোজ দাসগুপ্ত ৰচিত মূল ইংৰাজী গ্ৰন্থৰ অসমীয়া অনুবাদ ‘ড° শ্যামাপ্রসাদ মুখোপাধ্যায়: এক নির্মল আৰু সাহসী জীৱন’ তেওঁৰ প্রথম প্রকাশিত অনুদিত জীৱনী গ্রন্থ। ‘পূৰ্বৰাগ’, ‘অন্তর্দাহ’, ‘অনুনাদ’, ‘প্রতিবোধ’ আৰু ‘অনুৰাগ’ তেওঁৰ প্রকাশিত মৌলিক কাব্য গ্রন্থ। শ্রীঅৰবিন্দৰ একুৰি পাঁচটা মূল ইংৰাজী কবিতাৰ অসমীয়া অনুবাদ সংকলন ৰূপান্তৰ দিগন্ত বিশ্ব শৰ্মাৰ প্রথম অনূদিত কাব্য গ্রন্থ।
২০২২ বর্ষব ময়দুল ইছলাম বৰা সাহিত্য বঁটা প্রাপক দিগন্ত বিশ্ব শর্মা ২০২২-২০২৭ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদলৈ সদস্যৰূপে নির্বাচিত হয়। পৰৱৰ্তী সময়ত অকাডেমিৰ কাৰ্যকৰী সমিতিৰ সদস্যৰূপেও তেওঁ নির্বাচিত হয়। সম্প্রতি সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়কৰূপে তেওঁ কার্যনির্বাহ কৰি আছে।
অসম সাহিত্য সভাৰ আজীৱন সভ্য দিগন্ত বিশ্ব শর্মা গুৱাহাটী বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদৰ এগৰাকী প্রাক্তন সদস্য। সম্প্রতি তেওঁ ডিব্রুগড় বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদৰ অন্যতম সদস্যৰূপে দায়িত্ব নির্বাহ কৰি আছে।