/asomiyapratidin/media/media_files/2025/11/06/144-2025-11-06-15-23-32.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰৰ বালিপৰাতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয় ৷ বালিপৰা গাঁও পঞ্চায়তৰ উদ্যোগত আৰু উদযাপন সমিতিৰ সহযোগত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰাৰ লগতে হিয়াৰ আঁমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
এই উপলক্ষে প্ৰথম দিনা ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীত মাত, নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ৫ নৱেম্বৰৰ পুৱা বালিপৰা গাঁও পঞ্চায়তৰ প্ৰাঙ্গনত থকা ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰন্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে শোণিতপুৰ জিলা পৰিষদৰ সদস্যা মণিষা উপাধ্যায়ৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজে ।
দিনৰ ১ বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি পূৰ্ণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বালিপৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী বীণা হাজৰিকাই। সভাত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কৰ্মৰাজি আৰু জীৱন শৈলী ও গীত-মাত, কথা সুঁৱৰি বক্তব্য আগবঢ়ায় ।
উদযাপন সমিতিৰ যুটীয়া সম্পাদকদ্বয় ৰত্নেশ্বৰী দাস আৰু অপূৰ্ব হাজৰিকাই আঁত ধৰা সভাখনত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী মণিষা উপাধ্যায়ে ও বক্তব্য আগবঢ়ায়। ইয়াৰ লগতে বালিপৰা কেন্দ্ৰত নিশা বহুমুখী কলা কেন্দ্ৰৰ উদ্যোগত সুধাকণ্ঠ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
ড° ভূপেন হাজৰিকাৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ও বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী অৰুণ ভূঞাই আৰু হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰনৱজ্যোতি মেধিয়ে। অনুষ্ঠানত বিভিন্ন নৃত্য , গীত ও মায়াবিনী গীত পৰিবেশন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us