ধুবুৰীতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশতম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
136

ডিজিটেল সংবাদ, ধুবুৰী : সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশতম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ খেলপথাৰত পালন কৰা হয় শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকী। 

ধুবুৰী জিলা প্ৰশাসনে আয়োজন কৰা উক্ত কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল ইছলাম, জিলা আয়ুক্ত দিবাকৰ নাথ, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীকে ধৰি বিভিন্ন বিদ্যালয়-মহা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসহ প্ৰায় ৫ হেজাৰৰো অধিক লোকৰ উপস্থিতিত ভূপেনদাক স্মৰণ কৰি মানুহে মানুহৰ বাবে শীৰ্ষক গীতটো সকলোৱে পৰিৱেশন কৰে ।

কাৰ্যসূচীৰ আৰম্ভণিতে বিধায়ক নজৰুল ইছলাম আৰু ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

ড° ভূপেন হাজৰিকা