/asomiyapratidin/media/media_files/2025/08/27/bhupen-hazarika-2025-08-27-19-25-16.jpeg)
ডিজিটেল ডেস্কঃ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে আহিল ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সন্মানত প্ৰস্তুত কৰিব এটা ১০০ টকীয়া স্মৃতি মুদ্ৰা।
আজি এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে গেজেট অধিসূচনা জাৰি কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তেও উল্লেখ কৰিছে।
তেওঁ ফেচবুকত লিখিছে এইদৰে- ‘‘ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান। আপোনালোকক অৱগত কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছোঁ যে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে।
লুইতৰ পাৰৰ বৰেণ্য শিল্পীগৰাকীক সদায়ে প্ৰাপ্য স্বীকৃতি দি অহা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক শতবাৰ্ষিকী উদযাপনৰ এই বিৰল মুহূৰ্তক অধিক বিশেষ কৰি তোলাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷’’
উল্লেখ্য যে, অসম চৰাকৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ কথা।
এই জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখিয়েই অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ তথা ৰিজাৰ্ভ বেংকলৈ এটা স্মৃতি মুদ্ৰা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সহাৰি জনায়েই এতিয়া কেন্দ্ৰীয় চৰকাৰে এই গেজেট অধিসূচনা জাৰি কৰিছে।
স্মৰ্তব্য, অহা ৮ ছেপ্টেম্বৰত ড০ ভূপেন হাজৰিকাৰ জন্ম দিনটোৰ দিনাই জালুকবাৰীত থকা তেওঁৰ সমাধিস্থলৰ পৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থকাৰ কথা আছিল যদিও তেওঁ ১৩ ছেপ্টেম্বৰৰ কাৰ্যসূচীত হে অংশগ্ৰহণ কৰিব। সেই দিনাই ৰাজ্যৰ বিভিন্ন বয়সৰ এহেজাৰ শিল্পীয়ে ভূপেন হাজৰিকাৰ গীত আৰু কবিতা পৰিবেশন কৰিব।