সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদযাপনৰ প্রস্তুতিৰ সন্দৰ্ভত নগাঁও জিলা আয়ুক্তৰ সংবাদমেল

বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড°  ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো গ্ৰহণ কৰা হৈছে বিশেষ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদযাপনৰ প্রস্তুতিৰ সন্দৰ্ভত নগাঁও জিলা আয়ুক্তৰ সংবাদমেল

ডিজিটেল সংবাদ,নগাঁওঃ বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড°  ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অহা ১০ ছেপ্টেম্বৰত জিলাখনৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ প্ৰায় ১৫,০০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰ (নুৰুল আমিন ষ্টেডিয়াম)ত সুধাকণ্ঠ গৰাকীৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" সমবেত ভাবে পৰিৱেশনৰ সন্দৰ্ভত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এখনি সংবাদমেল সম্বোধন কৰে। 

জিলা আয়ুক্তই আগন্তুক সুধাকণ্ঠগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ জিলাভিত্তিত অনুষ্ঠিত হবলগীয়া কাৰ্যসূচী সমূহৰ বিষয়ে সংবাদমেলত বাখ্যা কৰি কয় যে, অহা ৭ ছেপ্টেম্বৰত সুধাকণ্ঠগৰাকীৰ নগাঁও জিলাৰ কুঠৰীস্থিত বাসগৃহত সন্ধিয়া ৭ বজাৰ পৰা পুৱতি নিশা পৰ্যন্ত জিলাখনৰ আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা সুধাকণ্ঠগৰাকীৰ কালজয়ী গীতসমূহৰ এক বৰ্ণিল আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে, অহা ১০ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত, নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰত জিলাখনৰ প্ৰায় ১৫,০০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেতভাবে পৰিবেশিত হ’বলগীয়া সুধাকণ্ঠ গৰাকীৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক যুগমীয়া গীতৰ অনুষ্ঠানটি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে কলিকতাৰ পৰা ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ এটি ৫ জনীয়া পৰ্যবেক্ষকৰ দল উপস্থিত থাকিব। 

এই গীতটিত বিশ্ববিদ্যালয়ৰ, মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ শিক্ষানুষ্ঠানৰ ইউনিফৰ্মৰ লগতে নিৰ্ধাৰিত কৰি দিয়া সাজ-পোচাক পৰিধান কৰি পৰিবেশন কৰিব। ৮ ছেপ্টেম্বৰত সুধাকণ্ঠগৰাকীৰ জন্ম দিৱস উপলক্ষে তেখেতৰ প্ৰতি সন্মান জনায় সমূহ জিলাবাসী ৰাইজক তেওঁলোকৰ ঘৰৰ পদূলিত গধূলি দুগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনোৱাৰ লগতে উপৰোক্ত কাৰ্যসূচীসমূহত জিলাবাসীৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

এই সংবাদমেলৰ পিছতেই জিলা আয়ুক্তগৰাকীয়ে অহা ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সুধাকণ্ঠৰ চিৰ যুগমীয়া গীত "মানুহে মানুহৰ বাবে" গীতৰ কাৰ্যসূচীৰ আখৰা আৰু প্রস্তুতিৰ সন্দৰ্ভত জিলাখনৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ লগত এখনি সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়েই উক্ত কাৰ্য্যসূচীৰ সন্দৰ্ভত তেখেতসকলৰ লগত মত-বিনিময় কৰাৰ লগতে বিতংভাবে আলোচনা কৰে।

ড০ ভূপেন হাজৰিকা নগাওঁ জিলা আয়ুক্ত