নগাঁৱত তিনিদিয়াকৈ পালন হ’ব সুধাকন্ঠৰ শতবৰ্ষীয় জন্ম দিৱসঃ ব্ৰজেন বৰাক প্ৰদান কৰিব শিল্পৰত্ন অসম বঁটা

শিল্পী সমাজ অসমে বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো তিনিদিনিয়া বিস্তৃত কাৰ্যসূচীৰে পালনৰ দিহা কৰিছে। অভিনেতা ব্ৰজেন বৰাক প্ৰদান কৰিব শিল্পৰত্ন অসম বঁটা।

author-image
Tushar Pratim
New Update
নগাঁৱত তিনিদিয়াকৈ পালন হ’ব সুধাকন্ঠৰ শতবৰ্ষঃ ব্ৰজেন বৰাক প্ৰদান কৰিব শিল্পৰত্ন অসম বঁটা

ডিজিটেল সংবাদ নগাওঁ: অসমৰ সমাজ জীৱনৰ সকলো স্তৰৰ সমল ব্যক্তি, শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী আৰু শৈল্পীক আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল এচাম গুণমুগ্ধ শুভানুধ্যায়ীৰ সমন্বয়ত যোৱা ২০১৪ চনত গঠন হৈছিল ‘শিল্পী সমাজ, অসম’। এই বৰ্ষত শিল্পী সমাজ, অসমৰ দ্বাদশ সংখ্যাক প্ৰতিষ্ঠা দিৱস। 

এইবাৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক কাৰ্যসূচী ৰূপায়ন কৰি অহা শিল্পী সমাজ অসমে বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো তিনিদিনিয়া বিস্তৃত কাৰ্যসূচীৰে পালনৰ দিহা কৰিছে। সেই অনুসৰি অহা ৮, ৯ আৰু ১০ ছেপ্তেম্বৰত নগাঁও ঐতিহ্যমণ্ডিত নেহৰুবালি আৰু জিলা পুথিভঁৰালত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 

৮ ছেপ্তেম্বৰৰ পুৱা ৮.৩০ বজাত বোলছবি অভিনেতা, পৰিচালক আৰু শিল্পী সমাজ অসমৰ সভাপতি ব্ৰজেন বৰাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভণি কৰাৰ পাছতে ৯ বজাত শিল্পী সমাজ অসমৰ উপ-সভাপতি পৰাণ মহন্তই শ্বহীদ তৰ্পণ কৰিব। 

১২.৩০ বজাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰিব নগাঁও নেহেৰুবালিত শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাহাজাৰ লোকৰ উপস্থিতিত পৰিৱেশন কৰিবলগীয়া সুধাকন্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ অনুষ্ঠান।  বিয়লি ১ বজাত অনাতাঁৰ শিল্পী মীনা শইকীয়াই উদ্বোধন কৰিব নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব লগা সদৌ অসম ভিত্তিত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। 

‘ক’ আৰু ‘খ’  শাখাত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ নগদ পোন্ধৰ হাজাৰ, দ্বিতীয় পুৰস্কাৰ দহ হাজাৰ আৰু তৃতীয় পুৰস্কাৰ সাত হাজাৰ পাঁচশ টকা। ৯ ছেপ্তেম্বৰৰ পুৱা ৯ বজাত শিল্পী সমাজ অসমৰ কাৰ্যকৰী সভাপতি ভদ্ৰকান্ত মুক্তিয়াৰে নগাঁও জিলা পুথিভঁৰালত সুধাকন্ঠৰ প্ৰতিকৃতিত মাৰ্ল্যাপনেৰে কাৰ্যসূচী আৰম্ভ হ'ব। 

১০ বজাত ‘ক’ আৰু ‘খ’ দুটা শাখাত অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা। বিয়লি ৫ বজাত বঁটা বিতৰণী সভা আৰু স্মৃতিগ্ৰন্থ ‘ৰঙ্গশালা’ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হ'ব। শিল্পী সমাজ অসমৰ সভাপতি ব্ৰজেন বৰাই সভাপতিত্ব কৰিব লগা সভাখনিত বিশিষ্ট বোলছবি খলনায়ক তথা শিল্পী সমাজ অসমৰ মুখ্য উপদেষ্টা দীনেশ দাস বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব।

উক্ত সভাতে স্মৃতিগ্ৰন্থ ৰঙ্গশালা উন্মোচন কৰিব নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ে। নিশা ৮ বজাত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই উদ্বোধন কৰিব সাংস্কৃতিক অনুষ্ঠান। 

য'ত গীত পৰিবেশন কৰিব জিলাখনৰ আমন্ত্ৰিত শিল্পীসকলে। মুকুট ভুঞা, জীৱন সিং, নৰেশ চন্দ্ৰ হাজৰিকাই আঁত ধৰা উক্ত অনুষ্ঠানতে বিশিষ্ট কথাছবি অভিনেতা আৰু পৰিচালক ব্ৰজেন বৰাক প্ৰদান কৰিব ২০২৫ বৰ্ষৰ ‘শিল্পীৰত্ন বঁটা’। ১০ ছেপ্তেম্বৰ সন্ধিয়া ৮ বজাত নগাঁও জিলা পুথিভঁৰালত বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাটক ‘ভুল নুবুজিবা ভূপেন দা’ মঞ্চস্থ কৰিব।

নগাঁৱৰ বিশিষ্ট নাট পৰিচালক গগন চৌধুৰীয়ে পৰিচালনা কৰা নাটখনি উদ্বোধন কৰিব শিল্পী সমাজ অসমৰ উপদেষ্টা পুণ্যদা বৰাই। দেওবাৰে নগাঁও উত্তৰ হয়বৰগাঁৱৰ মহিলা সমিতিৰ প্ৰেক্ষাগৃহত এখন সংবাদ মেলাৰ আয়োজন কৰি বিস্তৃত কাৰ্যসূচী সম্পৰ্কে জানিবলৈ দিয়ে শিল্পী সমাজ অসমৰ সাধাৰণ সম্পাদক যোগানন্দ দেৱ ভট্টাচাৰ্যয়ে। 

সংবাদ মেলত উপস্থিত থকা শিল্পী সমাজ অসমৰ বিষয়ববীয়াই সুধাকন্ঠৰ শতবৰ্ষ ওপজা দিনৰ তিনিদিনিয়াকৈ অনুষ্ঠিত প্ৰতিটো কাৰ্যসূচীত নগঞা ৰাইজৰ সহায় সহযোগৰ লগতে উপস্থিতৰ একান্ত কামনা কৰিছে।