/asomiyapratidin/media/media_files/2025/09/09/web-ap-bh-2025-09-09-14-46-01.jpg)
ডিজিটেল ডেস্কঃ ৮ ছেপ্তেম্বৰ, ২০২৫ সোমবাৰে অসম চৰকাৰ আৰু অসম সাহিত্য সভাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগত দেশৰ ভিন্ন প্ৰান্তত আৰু বিদেশৰো বিভিন্ন প্ৰান্তত বছৰজোৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ পালনৰ শুভাৰম্ভ কৰা হৈছে। সেইদৰেই মধ্যপ্ৰাচ্যৰ কুৱেইটত থকা এমুঠিমান প্ৰবাসী অসমীয়াই অনুষ্টুপীয়াকৈ সুধাকণ্ঠৰ জন্মদিন উদযাপন কৰে।
এই অনুষ্ঠানত কুৱেইটত বাস কৰা প্ৰবাসী অসমীয়াসকলে স্বত্বঃস্ফূৰ্তভাৱে আহি যোগদান কৰাই নহয় প্ৰাণভৰি এই অনুষ্ঠান উপভোগো কৰে। প্ৰবাদ পুৰুষ, যুগনায়ক ড০ ভূপেন হাজৰিকাৰ অনুৰাগীয়ে দেশৰ সীমাৰ পৰিধি অতিক্ৰ কৰি সমগ্ৰ বিশ্বতে খ্যাতিমান কৰি তুলিছে।
এই অনুষ্ঠান তথা ড০ ভূপেন হাজৰিকাৰ সন্দৰ্ভত কুৱেইট শাখা সাহিত্য সভাৰ সভাপতি আলোক দাসে এক বিজ্ঞপ্তিত কয়, জীৱন্ত অৱস্থাতো তেওঁ নিজেইসীমাৰ পৰিধি ভাঙি সকলো সুকুমাৰ কলাসুলভ ব্যক্তিৰ অন্তৰ স্পৰ্শ কৰি গৈছিল। এতিয়া সেই ধাৰাকে অক্ষুণ্ণ ৰাখি অসমীয়া জাতিওআগবাঢ়ি যাব লাগিব। প্ৰগতিৰ গীত গোৱা ড০ ভূপেন হাজৰিকাৰ প্ৰতি সেয়াই হ'ব অসমীয়াৰ প্ৰকৃতশ্ৰদ্ধাঞ্জলি।
তাৰোপৰি তেওঁ এই অনুষ্ঠান সন্দৰ্ভত এক প্ৰবিদেন অসম সাহিত্য সভাৰ বিদেশ মৈত্ৰী উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ৰুমা হাজৰিকাক দাখিল কৰে।