/asomiyapratidin/media/media_files/2025/04/09/aVsyIlhvyK4v39ujb6FG.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীৰ ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীক চলিত বৰ্ষৰ ২৫ এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক সমাৱৰ্তনত সৰ্বোচ্চ সন্মানীয় ডিগ্ৰী, ডক্টৰ অৱ চাইন্স প্ৰদান কৰা হ'ব।
উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ডাঃ কটকীলৈ লিখা এখন পত্ৰত অৱগত কৰে যে, তেওঁ পাঠদান আৰু গৱেষণাৰ ৰূপত চিকিৎসা বিজ্ঞানৰ জগতখনলৈ অৰিহণা যোগোৱাৰ অক্লান্ত প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে বিশ্ববিদ্যালয়খনৰ কাৰ্যনিৰ্বাহক পৰিষদে তেওঁক এই সন্মানীয় ডিগ্ৰী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বিশ্ববিদ্যালয়খনে তেওঁক প্ৰদান কৰা সন্মানৰ বাবে ড° কটকীয়ে শলাগ লৈছে। তেওঁ কয় যে, এই সন্মান ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত বহু বছৰৰ সেৱাৰ সামূহিক নেতৃত্ব আৰু দলীয় কামৰ ফল।
উল্লেখযোগ্য যে, ডাঃ অমল চন্দ্ৰ কটকীয়ে অসম চৰকাৰ, লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা কেন্সাৰ ছ’চাইটি, উত্তৰ-পূৰ্বাঞ্চল পৰিষদ, ড'নাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, টাটা মেম’ৰিয়েল চেণ্টাৰলৈ আগবঢ়োৱা অপৰিসীম সহযোগিতা তথা অৱদানৰ কথাও স্মৰণ কৰে। ডাঃ কটকী বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী ইউনিটত স্বাস্থ্য শিক্ষা আৰু গৱেষণাৰ সঞ্চালক হিচাপে কৰ্মৰত।