ড° এ কে পানছাৰীলৈ শিক্ষাৰ ক্ষেত্ৰত ই ডব্লিউ অসাধাৰণ কৃতিত্বৰ বঁটা প্ৰদান

দ্য আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ আচাৰ্য তথা গুৱাহাটীৰ ৰয়েল গ্ল’বেল স্কুলৰ অধ্যক্ষ ড০ এ কে পানছাৰীক ২০২৫–২৬ চনৰ এডুকেচনৱৰ্ল্ড এক্সট্ৰাঅৰ্ডিনেৰী এচিভমেণ্ট ইন এডুকেচন লিডাৰশ্বিপ বঁটা প্ৰদান কৰা হৈছে

author-image
Asomiya Pratidin
New Update
517

ডিজিটেল সংবাদ,গুৱাহাটী : উত্তৰ-পূব ভাৰতৰ শিক্ষা আৰু সমাজ কল্যাণৰ  ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে দ্য আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ আচাৰ্য তথা গুৱাহাটীৰ ৰয়েল গ্ল’বেল স্কুলৰ অধ্যক্ষ ড০ এ কে পানছাৰীক ২০২৫–২৬ চনৰ এডুকেচনৱৰ্ল্ড এক্সট্ৰাঅৰ্ডিনেৰী এচিভমেণ্ট ইন এডুকেচন লিডাৰশ্বিপ বঁটা প্ৰদান কৰা হৈছে । 
মঙলবাৰে নতুন দিল্লীত ই ডব্লিউ ইণ্ডিয়া স্কুল ৰেংকিংছ এৱাৰ্ড (ইছৰা)ৰ সহযোগত এডুকেচনৱৰ্ল্ডে আয়োজন কৰা এক বৃহৎ অনুষ্ঠানত এই সন্মানীয় সন্মান প্ৰদান কৰা  হয়।

এই বঁটাৰ সমান্তৰালকৈ ড০ পানছাৰীক ইণ্ডিয়ান এডুকেশ্যনৰ এডুকেশ্যনৱৰ্ল্ড হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হৈছে I এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিক্ষা নেতা, নীতি নিৰ্ধাৰক, আৰু প্ৰতিষ্ঠানিক মুৰব্বীসকলক একত্ৰিত কৰি শিক্ষাৰ উৎকৃষ্টতা আৰু উদ্ভাৱনক উদযাপন কৰাৰ লগতে জাতি গঠনত পৰিৱৰ্তনশীল নেতৃত্বৰ ভূমিকাত গুৰুত্ব আৰোপ কৰা হয়।

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়