/asomiyapratidin/media/media_files/2026/03/06/241-2026-03-06-09-07-16.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰীশ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ উপলক্ষে বৃহস্পতিবাৰে বিয়লি ২-০০ বজাৰ পৰা বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত সদৌ অসম ভিত্তিত ফাকুৱাৰ গীতৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাপুৰুষ বিৰচিত ৰাগ তালযুক্ত "ফাকুৱাৰ" আপুৰুগীয়া গীত সমূহ নৱপ্ৰজন্ম তথা জনসাধাৰণৰ মাজত চৰ্চা আৰু জনপ্ৰিয়তা কৰাৰ মহান প্ৰচেষ্টাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ নমিতা কলিতাই।
ড০ কলিতাই পূণ্যভূমি বটদ্ৰৱাৰ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি নৱপ্ৰজন্মৰ মাজত বিলাই দি চৰ্চাৰ প্ৰয়াস কৰাৰ লগতে বটদ্ৰৱাৰ মৌলিক ফাকুৱাৰ গীত সমূহৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ ব্যৱস্থাৰে কৰা আয়োজনক ভূয়সী প্ৰশংসা কৰে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই।
নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিৰ পাছত চিত্ৰাংকন, ফাকুৱাৰ গীত আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্রাংকনৰ প্ৰতিযোগিতাৰ বিচাৰকৰ আসন গ্ৰহণ কৰে ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই আৰু ফাকুৱাৰ গীতৰ বিচাৰকৰ আসন গ্ৰহণ কৰে বিতোপন মহন্তই।
শেষত "দৌল উৎসৱ বা ফাল্গু উৎসৱ, বটদ্ৰৱাৰ ঐতিহ্য আৰু সংস্কৃতি" বিষয়ৰ কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাংবাদিক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱ ৰঞ্জন বৰুৱা , ধনিষ্ঠা কলিতা, শৰ্মিষ্ঠা কলিতাৰ দলে।
দ্বিতীয় স্থান লাভ কৰে অংশুমান বৰা আৰু কৃৰ্তি কল্প দেৱনাথৰ দলে আৰু তৃতীয় স্থান লাভ কৰে তাৰ্কিকা বৰুৱা আৰু বৰাৰ দলে। নিশা নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে বন্তি প্রজ্জ্বলন কৰাৰ লগতে মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীয়ে মঞ্চ উদ্বোধন কৰে।
বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি উত্তৰ বেতনা শঙ্কৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ৰিজু পাঠক মহন্তই "মহাপুৰুষ শংকৰদেৱে অসমীয়া সমাজখনক কিদৰে ঐশ্বৰ্য্যশালী কৰি থৈ গ’ল, সেয়া উল্লেখ কৰাৰ লগতে প্ৰতিজন অসমীয়াই গুৰুজনাৰ এই পবিত্ৰ জন্মভূমিৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে দৰ্শন কৰাটো উচিত" বুলি প্ৰকাশ কৰে। মঞ্চ উদ্বোধনৰ লগে লগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই "উদ্ধৱ চলহু গোকুল লাই। হামু বিনে গোপীৰ তিলেক যুগ যায়...।।" শীৰ্ষক শংকৰদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰি উপস্থিত হেজাৰ হেজাৰ দৰ্শকক আপ্লুত কৰে।
অনুষ্ঠানত সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ, অসমৰ শিল্পী সকলে দলীয় বৰগীত,দৰঙী লোকসংগীত চিয়াগীত, থিয়নাম, দিহা-টোকাৰী আৰু হোলী গীত পৰিৱেশন কৰি সংস্কৃতি প্ৰেমী দৰ্শকক আপ্লুত কৰে। পাছত সত্ৰীয়া নৃত্যানুষ্ঠান আৰু শেষত দুর্যোধনৰ উৰু ভঙ্গ শীৰ্ষক ভাওনা পৰিৱেশন কৰে নগাঁৱৰ নক্ষত্র সাংস্কৃতিক কেন্দ্ৰই। শেষ নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি হেজাৰ হেজাৰ দৰ্শক মন্ত্ৰমুগ্ধ হৈ পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us