দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম, বিষয়াৰ বদলিকৰণৰ দাবী

দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম, বিষয়াৰ বদলিকৰণৰ দাবী

author-image
asomiyapratidin
New Update
দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম, বিষয়াৰ বদলিকৰণৰ দাবী

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম, ভাল ঠাইত মকৰলৰ বা পুনৰ মকৰলৰ বাবে দিব লাগে উৎকোচ এই ভাষ্য দৰং জিলা গৃহৰক্ষী বাহিনীৰ নিযুক্ত হৈ থকা জোৱানৰ। ছমাহৰ বাবে গৃহৰক্ষী বিভাগত কৰ্মৰত হবৰ বাবে বিষয়া কৰ্মচাৰীক ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকা ঘোচ দিব লাগে বুলি লগতে ঘোচ নিদিলে তিনিমাহ চাৰিমাহতে কতব্যৰ পৰা খেদি দিয়ে এই অভিযোগ তুলি কিছু সংখ্যক গৃহৰক্ষী বাহিনীৰ জোৱানে সোম বাৰে মঙলদৈস্থ গৃহৰক্ষী বাহিনীৰ কামাণ্ডেন ৰ কায্যলয় উতপ্ত কৰি তোলে।

Advertisment

এই জোৱান সকলে অভিযোগ কৰা অনুসৰি কামাণ্ডেন গৰাকী মাহত তিনি চাৰিদিন হে কায্যলয়ত উপস্থিত থাকে। কায্যলয়ৰ বেগম উপাধিৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী( কুকমেন) কায্যলয়ৰ হৰ্তাকৰ্তা,এই চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী গৰাকীৰ জৰিয়তে লেনদেন চলাই জোৱান সকলৰ কাক কত মকৰল কৰিব লাগে, কাক কেতিয়া কতব্যৰ পৰা খেদি পঠিয়াব লাগে এই সমুহ চলাই আছে বুলি দাবী কৰিলে ক্ষুব্ধ গৃহৰক্ষী জোৱানে।

উল্লেখ যোগ্য যে সোমবাৰৰ দিনটোতো কামাণ্ডেন গৰাকী কায্যলয় ত উপস্থিত নাছিল। কায্যলয় আন আন বিষয়া সকলে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী গৰাকীলৈ বিষটি ঠেলি দায়সৰা মন্তব্য দিয়ে। কায্যলয় চৌহদত সাংবাদিকৰ প্ৰবেশৰ উমান পাই চতুৰ্থ শ্ৰেণীৰ এই বেগম উপাধিৰ কৰ্মচাৰী গৰাকী কায্যলয় চৌহদৰ পৰা পলাই যায়।

ক্ষুদ্ধ গৃহৰক্ষী জোৱান সকলে দৰং জিলা গৃহৰক্ষী বাহিনীৰ বিষয়া গৰাকীৰ লগতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী জনীক বদলি কৰাৰ লগতে জোৱান সকলৰ প্ৰতি এক উপযুক্ত বিচাৰ কৰিবলৈ দৰং জিলা উপায়ুক্তক আৰেদন জনাব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷