দৰাবিলৰ বুকুত মাঘ বিহু উপলক্ষে পক্ষী গণনা সম্পন্ন...

বন্যবন্ধু'ৰ উদ্যোগত আৰু 'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক'ৰ সহযোগত অসমৰ এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি দৰাবিলৰ বুকুত "মাঘ বিহু উপলক্ষে আজি পক্ষী গণনা" সফলতাৰে সম্পন্ন কৰা হয়।

author-image
Asomiya Pratidin
New Update
new ap web 7 (9)

ডিজিটেল সংবাদ, মিৰ্জা: 'বন্যবন্ধু'ৰ উদ্যোগত আৰু 'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক'ৰ সহযোগত অসমৰ এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি দৰাবিলৰ বুকুত "মাঘ বিহু উপলক্ষে আজি পক্ষী গণনা" সফলতাৰে সম্পন্ন কৰা হয়। দৰাবিলৰ গো-চৰণীয়া পথাৰ আৰু বিল অঞ্চল সামৰি সম্পন্ন কৰা এই গণনাৰ সময়ত স্থানীয় আৰু পৰিভ্ৰমী মিলি ৫৯ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হয়। আজিৰ গণনাৰ সময়ত অসমৰ বাবে বিৰল ৰেড-থ্রোটেড পিপিট নামৰ চৰাইবিধ আৰু হিমালয় শগুন দেখিবলৈ পাই গণনাকাৰী সকল আনন্দত উৎফুল্লিত হৈ পৰে। 

উল্লেখ্য যে দৰাবিল আৰ্দ্ৰভূমিৰ বুকুত এতিয়ালৈকে ২৩১ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হৈছে। চৰাইৰ উপৰিও দৰাবিল আৰ্দ্ৰভূমি বিভিন্ন স্তন্যপায়ী প্ৰাণী, সৰীসৃপ, উভচৰ, মাছ, পখিলা, জিঞা, শামুক, কেঁকোৰা, জলজ উদ্ভিদ আদি জৈৱবৈচিত্ৰৰ ভঁৰাল। গতিকে এই অঞ্চলটো প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰিব পাৰিলেহে দৰাবিলৰ চৌপাশৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হোৱাৰ লগতে প্ৰকৃতি নিৰ্ভৰশীল ৰাইজৰ ভৱিষ্যত সুৰক্ষিত হ'ব বুলি সচেতন মহলে। 

ইতিমধ্যে এই অঞ্চলৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিনৰ পৰা ৰাইজ, দল-সংগঠনে দাবী তুলি আহিছে। উল্লেখ্য যে, দক্ষিণ কামৰূপৰ এখন গুৰুত্বপূর্ণ আর্দ্রভূমি হ'ল বিলদৰা বা দৰাবিল। কুলশী নদীৰ গাত লাগি থকা এই বিলখন দক্ষিণ কামৰূপৰ এক বিস্তৰ পৰিসৰৰ পৰিৱেশ সন্তুলিত ৰাখি আহিছে। 

বৃহত্তৰ ৰামপুৰ গ্রামাঞ্চলৰ জনজীৱন তথা পৰিৱেশ নিয়ন্ত্ৰণৰ ই এক প্রাণকেন্দ্র। বিলখনৰ পূৱদিশত খিদিৰপুখুৰী, ৰাজাপুখুৰী, ৰামপুৰ, ভাগৱতীপাৰা, বাটৰহাট আদি গাঁও, পশ্চিম অঞ্চলত কলহী নদী আৰু ইয়াৰ সংযোগস্থলক আৱৰি কুকুৰমাৰা, জীয়াকুৰ, আম'তলা আদি বৃহৎ জনাঞ্চলে আৱৰি আছে। দক্ষিণ দিশত সৰু তেজপুৰ, বৰ তেজপুৰ, সাতপখলী আদি এক বৃহৎ গ্রাম্যভূমি আৰু উত্তৰ দিশত কৃষক আৰু মাছমৰীয়া সমাজ এখন সামৰি নহিৰা, গুইমাৰা, কুলডুং, বৰটাৰী, চিমিনা, ফটুৰি ইত্যাদি এক বৃহৎ জনবসতিপূর্ণ অঞ্চল। 

এই আর্দ্রভূমিৰ সকলো দিশৰে প্রায় ২১খন গাঁও সামৰি প্রায় ২৫০০ মৎস্যজীৱি পৰিয়াল সহিতে প্রায় ১০ হেজাৰ কৃষিজীৱি পৰিয়ালৰ জীৱন প্রবাহৰ চালক হিচাপে বিলদৰাই হাজাৰ বছৰীয়া আর্দ্রভূমিৰ এক সভ্যতা বহন কৰি আহিছে যদিও চৰকাৰী নথি হিচাপে বিল আৰু গো-চৰণীয়া পথাৰৰ দাগ নম্বৰ আৰু পট্টা নম্বৰ ভিন্ন, কিন্তু বিল বুলি নথিভূক্ত আৰু গো-চৰণীয়া পথাৰ হিচাপে নথিভূক্ত অঞ্চলখিনি প্রাকৃতিকভাবে একেখনেই আর্দ্রভূমি-দৰাবিল। 

গো-চৰণীয়া পথাৰখনক বিলৰ পথাৰ বুলিয়েই অতীজৰে পৰা কৈ আহিছে। প্রাকৃতিক উপাদানেৰে চহকী এই আর্দ্রভূমি অঞ্চল আৰু ইয়াৰ চৌপাশে বসবাস কৰা কৃষিজীবী, মৎসজীবী, মৃৎ শিল্পী, শিপিনীকে আদি কৰি শ্ৰমজীৱী ৰাইজৰ জীৱন জীৱিকাৰ স্থল। এই আর্দ্রভূমি হ'ল জাতীয় জলচৰ প্ৰাণীৰূপে ঘোষিত নদী শিহৰ প্রয়োজনীয় মাছ উৎপাদনৰ গুৰুত্বপূর্ণ স্থান।দুশৰো অধিক প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বাসস্থান হ'ল এই গো-চৰণীয়া পথাৰৰ ঘাঁহনি আৰু জলাহ অঞ্চল। ইয়াৰ ভিতৰত অসমত খুব কমকৈ দেখা পোৱা (Oriental Pratincole) নামৰ পৰিভ্ৰমী চৰাইবিধ দৰাবিলৰ বুকুত প্ৰতিবছৰে প্ৰত্যক্ষ কৰা যায়। 

ইয়াৰ উপৰিও বিলুপ্তিৰ পথত থকা হিমালয় শগুন, বগা-পিঠিয়া শগুন, চিনেৰীয়াছ শগুন, হাড়গিলা, বৰটোকলা, ক'নুৱা, বটা চৰাই, সোণালী লৰিয়ৰী, কৰ্চন চৰাই, বৃষ্টিল্ড গ্রাছবার্ড, ব্লেক-ফেছদ বানটিং,গঙা চিলনী, দলমৰা আদি বিভিন্ন প্রজাতিৰ চৰাই এই আর্দ্রভূমিৰ ঘাঁহনি পোৱা যায়। ইয়াত চৰাই পৰ্যবেক্ষণ কৰিবলৈ দেশ বিদেশৰ পৰ্যটক,গৱেষক বছৰৰ ভিন ভিন সময়ত অহা দেখা যায়। 

দৰাবিলত ১০ বিধৰো অধিক প্রজাতিৰ স্তন্যপায়ী প্রাণী, ৭৪ টা প্রজাতিৰ মাছ, তিনিটা প্রজাতিৰ কাছ,  ২৫ৰো অধিক প্রজাতিৰ সৰীসৃপ, ২৫ বিধ পখিলাৰ দৰাবিল আর্দ্রভূমি হ'ল বিচৰণ আৰু প্ৰজনন স্থলী। দৰাবিলৰ বুকুত ২৬ বিধ আলংকাৰিক উদ্ভিদৰ প্রজাতি, ৭ বিধ ঔষধি উদ্ভিদৰ প্রজাতি, ৬ বিধ জৈৱিক সাৰ ৰূপে ব্যৱহাৰ কৰিব পৰা উদ্ভিদ আৰু তিনি বিধ মান ঘৰুৱা সামগ্রী উৎপন্ন কৰিব পৰা উদ্ভিদৰে ভৰা। 

প্রাকৃতিক সম্পদেৰে ভৰপূৰ এই আৰ্দ্ৰভূমিৰ চৰকাৰী নথিমতে থকা গো-চৰণীয়া পথাৰৰ ১৫০ বিঘা ভূমি এডভান্টেজ আছাম ২.০ৰ যোগেদি বিঘাই প্ৰতি ১ টকা দৰত কলিকতাৰ লজিষ্টিক কোম্পানীক হস্তান্তৰ কৰিব বিচাৰিছে চৰকাৰে। যাৰবাবে এই সিদ্ধান্তত চৌপাশৰ ৰাইজ, প্ৰকৃতিপ্ৰেমী সংগঠন, সচেতন দল সংগঠন আদি জাঙুৰ খাই উঠিছে। চৰকাৰে লগতে কাৰোবাৰ ওজৰ-আপত্তি থাকিলে আয়ুক্তৰ কার্যালয়ত অভিযোগ দাখিল কৰিবলৈ জনাইছিল যদিও চৰকাৰে তেওঁলোকৰ সিদ্ধান্তত অটল থকাত ৰাইজ বিপাঙত পৰিছে।

অৱশ্যে দল-সংগঠন, প্ৰকৃতিপ্ৰেমী লোকে দৰাবিল পুঁতি কোনো কাৰণতে দৰাবিলৰ ভূমি বহুজাতিক কোম্পানীৰ হাতত নিদিয়াৰ বাবে সংকল্প গ্ৰহণ কৰে। অৱশ্যে চৰকাৰে ৰাইজৰ এই ওজৰ আপত্তিক কি হিচাপে বিবেচনা কৰে সেয়া লক্ষণীয় হ'ব। গুৰুত্বপূৰ্ণ যে যি দেশত,যি ঠাইৰ নদ নদী,বিল খাল মৰি যায়। সেই ঠাইৰ সভ্যতা সংস্কৃতিৰ এদিন বিনাশ হয়।

ৰামপুৰৰ দৰাবিলৰ বিনাশ হোৱা মানেই সেই অঞ্চলৰ জৈৱ বৈচিত্ৰ, সভ্যতা সংস্কৃতিৰ ধ্বংস অনিবাৰ্য বুলি মত প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী দল-সংগঠন তথা ৰাজ্যৰ গৱেষকমহলে। এইক্ষেত্ৰত দৰাবিল গোচৰণীয় পথাৰ সুৰক্ষা সমিতিয়ে ৰাইজৰ সহায়-সহযোগত এই দৰাবিল সুৰক্ষাৰ দাবীত তথা লজিষ্টিক পাৰ্ক স্থাপনৰ বিৰোধিতাত সংগ্ৰাম চলাই গৈছে।

অসম পক্ষী