চিন্তা নাইঃ আজিৰে পৰা ঘৰত দি আহিবলৈ মাংস, প্ৰতি কেজিত মাত্ৰ….

চিন্তা নাইঃ আজিৰে পৰা ঘৰত দি আহিবলৈ মাংস, প্ৰতি কেজিত মাত্ৰ….
  • শনিবাৰৰে পৰা মহানগৰবাসীয়ে পদুলিমুখতে লাভ কৰিব মাংস।
  • জিলা প্ৰশাসনে মাংস বিক্ৰীৰ বাবে ইতিমধ্যে ৩৫ জনকৈ ভেন্দৰক দায়িত্ব প্ৰদান কৰিছে।
  • বিক্ৰীৰ ক্ষেত্ৰ কিছু নিয়ম বান্ধি দিছে মহানগৰ প্ৰশাসনে।
  • পৰিষ্কাৰ আৰু সতেজ মাংস বিক্ৰীৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে।
  • মাংস চাফা কৰাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ।
  • মাংস বিক্ৰী কোনো দোকানত নহয়, বৰঞ্চ ঘৰে ঘৰে গৈ বিক্ৰী কৰিবলৈ নিৰ্দেশ।
  • ৩৫ গৰাকী ভেন্দৰৰ ফোন নাম্বাৰো প্ৰকাশ প্ৰশাসনৰ।
  • নিজাকৈ অতিৰিক্ত কোনো মূল্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া দামত বিক্ৰী কৰিব লাগিব মাংস।
  • গোটা ব্ৰয়লাৰত কেজি ১৫০ টকা আৰু কটা মাংসৰ প্ৰতিকেজিত ২২০ টকা দৰ নিৰ্ধাৰণ প্ৰশাসনৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in