"ডীপচিকক লৈ টোপনি হেৰুৱাৰ প্ৰয়োজন নাই": নন্দন নিলেকানী

"ভাৰতে ইতিমধ্যে প্ৰস্তুত কৰিছে কেইবাটাও ক্ষুদ্ৰ এআই মডেল। চীনৰ ডীপছিকক লৈ টোপনি হেৰুৱাই পেলোৱাতকৈ স্কেল আপ কৰা উচিত" বুলি শুকুৰবাৰে মন্তব্য কৰিছে ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নিলেকানীয়ে।

author-image
Asomiya Pratidin
New Update
ভাৰতে প্ৰস্তুত কৰিছে কেইবাটাও ক্ষুদ্ৰ এআই মডেল

ভাৰতে প্ৰস্তুত কৰিছে কেইবাটাও ক্ষুদ্ৰ এআই মডেল

ডিজিটেল ডেস্ক: "ভাৰতে ইতিমধ্যে প্ৰস্তুত কৰিছে কেইবাটাও ক্ষুদ্ৰ এআই মডেল। চীনৰ ডীপছিকক লৈ টোপনি হেৰুৱাই পেলোৱাতকৈ স্কেল আপ কৰা উচিত" বুলি শুকুৰবাৰে মন্তব্য কৰিছে ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নিলেকানীয়ে। কাৰ্নেগী গ্ল’বেল টেকন’লজি ছামিট ২০২৫ত ভাষণ দি "ইয়াত এই প্ৰযুক্তি গ্ৰহণ ক্ষীপ্ৰ হ’ব" বুলিও তেওঁ লগতে দৃঢ়তাৰে উল্লেখ কৰে।

Advertisment

"কোনোবাই কোনো এআই মডেল নিৰ্মাণ নকৰাৰ বাবে আমি টোপনি হেৰুৱাব নালাগে। ভাৰতে ভাৰতীয় এআই মিছন স্থাপন কৰিছে আৰু ক্ষুদ্ৰ মডেলত কাম কৰি আছে" বুলিও উল্লেখ কৰে। তেওঁ লগতে কয়, ‘এতিয়াৰ আলোচনা ইয়াক কেনেকৈ বৃদ্ধি কৰা হ’ব, সেই কথাৰ হ’ব লাগে।" 

"ভাৰতত জনসাধাৰণৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা (AI) গ্ৰহণ কৰাটো বিশ্বৰ তুলনাত বহু বেছি দ্ৰুতগতিত হ’ব। কাৰণ বিগত ১৫ বছৰত দেশখনে যি প্ৰযুক্তিগত অত্যাধুনিকতা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৫-১৬ চনৰ আশে-পাশে আধাৰ, ইউ পি আই (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ) ইত্যাদিৰ আগমনৰ বাবে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ উত্থানৰ লগে লগে ভাৰত অধিক অত্যাধুনিক হৈ পৰিল" বুলিও নিলেকানীয়ে লগতে কয়।

DeepSeek