/asomiyapratidin/media/media_files/2025/09/07/yhhh-2025-09-07-09-30-52.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে চীনৰ ঘনিষ্ঠতা যেন সহ্য কৰিব পৰা নাই ট্ৰাম্পে। সেয়েহে তীব্ৰ টেৰিফ যুদ্ধৰ মাজতো চীনৰ ৰাষ্ট্ৰপতি জিংপিঙক সাক্ষাতৰ বাবে তাৰিখ ঠিক কৰিবলৈ যোগাযোগ কৰা হৈছে হোৱাইট হাউচৰ পৰা। সকলো ঠিকে ঠাকে থাকিলে অক্টোবৰত মাহত দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত হ'ব বৈঠক।
আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, অক্টোবৰত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হবলগীয়া এ পি ই চি শিখৰ সন্মিলনত দুয়োগৰাকী নেতাৰ সাক্ষাত হব। হোৱাইট হাউচক ইতিমধ্যে সেউজ সংকেত প্ৰদান কৰিছে চীনৰ ৰাষ্ট্ৰপতি ভৱনে। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ লগতে চীনৰ ওপৰতো অতিৰিক্ত টেৰিফ লগাইছিল ট্ৰাম্পে।
আনফালে চীনত আয়োজিত এছ চি অ' সন্মিলনত ৰাছিয়া আৰু চীনৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা দেখি সহ্য কৰিব পৰা নাছিল ট্ৰাম্পে। চীনৰ মাজত ভাৰত আৰু ৰাছিয়াক হেৰুৱাই পেলোৱা বুলিও মন্তব্য কৰিছিল ট্ৰাম্পে। এনে পৰিস্থিতিৰ মাজতে ট্ৰাম্পে হঠাতে চীনৰ ৰাষ্ট্ৰপতি সাক্ষাতৰ বাবে ব্যাকুল হৈ পৰা বিষয়টো যথেষ্ট লক্ষ্যণীয় হৈছে।