/asomiyapratidin/media/media_files/2026/01/05/ikkkdd-2026-01-05-12-54-42.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। এনে পৰিস্থিতিৰ মাজতে ভাৰতৰ সন্দৰ্ভত তেওঁ এক উল্লেখযোগ্য বিবৃতি প্ৰকাশ কৰিছে মাৰ্কিন চৰকাৰে। এই বিবৃতি ট্ৰাম্পে ভাৰতক সকীয়াই দিয়ে যে, তেওঁ ভাৰতৰ শুল্ক আৰু বৃদ্ধি হ’ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাছিয়াৰ কথাও উল্লেখ কৰে।
ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে, ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰা বিষয়টোক লৈ মই সন্তুষ্ট নহয়। প্ৰধানমন্ত্ৰী মোডী এজন ভাল মানুহ ৷ তেওঁ জানিছিল যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাত মই সুখী নহয় ৷ মোক সন্তুষ্ট কৰাটো গুৰুত্বপূৰ্ণ আছিল ৷ যদি তেওঁলোকে ৰাছিয়াৰ তেল ক্ৰয় কৰি থাকে তেন্তে আমি তেওঁলোকৰ ওপৰত অতি সোনকালে শুল্ক বৃদ্ধি কৰিব পাৰো।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতকে ধৰি কেইবাখনো দেশৰ ওপৰত ট্ৰাম্পে শুল্ক আৰোপ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। দৰাচলতে ২০২৫ চনৰ আগষ্ট মাহত ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল ট্ৰাম্পে। ৰাছিয়াৰ সৈতে ভাৰতৰ তেল বাণিজ্যক লৈ তেওঁ অসন্তুষ্ট আছিল আৰু এই কথা কেইবাবাৰো উল্লেখ কৰিছিল।
ট্ৰাম্পৰ এই সিদ্ধান্তই দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি দীৰ্ঘদিন ধৰি স্থবিৰ কৰি ৰাখিছিল। ট্ৰাম্পে বিচাৰিছিল যে ভাৰতে নিজৰ সমগ্ৰ বজাৰ আমেৰিকাৰ বাবে মুকলি কৰি দুগ্ধ আৰু কৃষি খণ্ডত প্ৰৱেশৰ অনুমতি দিয়ক, কিন্তু ভাৰতে নিজৰ সিদ্ধান্তত অটল আছিল। ভাৰত আৰু ৰাছিয়াৰ মাজত বছৰ বছৰ ধৰি ভাল সম্পৰ্ক অটুট আছে আৰু দুয়োখন দেশৰ মাজত বাণিজ্যও সুচাৰুকৈ চলি থাকে। এই কথাই ট্ৰাম্পক ক্ষুব্ধ কৰি তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us