তেওঁৰ সম্ৰাজ্যও ধ্বংস কৰি দিমঃ ট্ৰাম্পৰ মুকলি ভাবুকিক প্ৰত্যাহ্বান ইৰাণৰ...

ইৰাণত চলি থকা হিংসাত্মক প্ৰতিবাদৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন এক শক্তিশালী বিবৃতি প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে যদিহে ইৰাণৰ পৰিস্থিতি অব্যাহত থাকে তেন্তে “গোটেই দেশখন

author-image
Asomiya Pratidin
New Update
yhdhhd

ডিজিটেল ডেস্কঃ  ইৰাণত চলি থকা হিংসাত্মক প্ৰতিবাদৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন এক শক্তিশালী বিবৃতি প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে যদিহে ইৰাণৰ পৰিস্থিতি অব্যাহত থাকে তেন্তে “গোটেই দেশখন ধ্বংস হ’ব পাৰে”। তেওঁৰ এই বক্তব্যই দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।

এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে যদি কিবা হয় তেন্তে ইৰাণে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব। তেওঁ ক'লে, "মই ইতিমধ্যে সকীয়াই দিছো। কিবা হ'লে সমগ্ৰ দেশখন ধ্বংস হৈ যাব।"  ইৰাণৰ ‘অল আউট ৱাৰ’ৰ ভাবুকিৰ পিছত ট্ৰাম্পে কয় যে যদি কিবা হয় তেন্তে আমি ইৰাণক বিশ্ব মানচিত্ৰৰ পৰা মচি পেলাম। ইতিমধ্যে ট্ৰাম্পে ইৰাণৰ শাসন ব্যৱস্থা পৰিৱৰ্তনৰ কথা কোৱাৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে।

ইৰাণেও ট্ৰাম্পক মুকলি সতৰ্কবাণী জাৰি কৰিছে। ইৰাণৰ সামৰিক মুখপাত্ৰ জেনেৰেল আবোলফাজল শ্বেকাৰচিয়ে কয় যে যদি তেওঁলোকৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে ইৰাণে প্ৰতিশোধ ল’ব। তেওঁ ক'লে, "আমি তেওঁৰ হাত কাটি পেলোৱাই নহয়, তেওঁৰ সম্ৰাজ্যও জ্বলাই দিম।"

আন এক সাক্ষাৎকাৰত ট্ৰাম্পে ইৰাণৰ উচ্চতম নেতা খামেনেইৰ বিষয়ে কয় যে তেওঁ এজন ‘ৰোগী মানুহ’ আৰু তেওঁ নিজৰ দেশ সঠিকভাৱে চলাব লাগে আৰু মানুহ হত্যা বন্ধ কৰিব লাগে।

ড'নাল্ড ট্ৰাম্প ডোনাল্ড ট্ৰাম্প ড’নাল্ড ট্ৰাম্প