/asomiyapratidin/media/media_files/2025/09/02/ujjd-2025-09-02-10-15-34.jpg)
ডিজিটেল ডেস্কঃ চীনৰ মাটিত নৰেন্দ্ৰ মোডী আৰু পুটিনৰ ঘনিষ্ঠতা দেখি টোপনি সৰিছে ট্ৰাম্পৰ। গভীৰ নিশাও ট্ৰাম্পৰ সৈতে কাম কৰা বিষয়াৰ সৈতে এই কথাক লৈ আলোচনাত বহিছে ট্ৰাম্প। এই কথা নিজেই সদৰি কৰিছে আমেৰিকাৰ ট্ৰাম্পৰ চৰকাৰৰ বাণিজ্যিক উপদেষ্টা পিটাৰ নবাৰোৱে। পিটাৰে ফ্ৰী প্ৰেছ জাৰ্নেল নামৰ এখন মাৰ্কিন কাকতৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰত আমেৰিকাৰ সৈতে থাকিব লাগিছিল, ৰাছিয়াৰ সৈতে নহয়।
পিটাৰে উক্ত কাকতখনৰ সাংবাদিকৰ সৈতে মন বিনিময় শিতানত কয় যে, ভাৰত আমাৰ সৈতে থাকিব লাগে, ৰাছিয়াৰ সৈতে নহয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জিং পিঙৰ সৈতে যি কাম কৰি আছে, সেয়া মুঠেই উচিত নহয়। ' উল্লেখ কৰা প্ৰয়োজন যে, চীনত অনুষ্ঠিত হোৱা SCO সন্মিলনত চীন, ভাৰত আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধানৰ ঘনিষ্ঠতাই বিশ্বজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে।
এই তিনিখন দেশৰ ঘনিষ্ঠতা দেখি টোপনি সৰিছে আমেৰিকাৰ। খঙত জ্বলিপকি আছে ট্ৰাম্পো। ট্ৰাম্পৰ এই খং প্ৰকাশ পালে মাৰ্কিন বাণিজ্যিক উপদেষ্টা গৰাকীৰ কথাত। ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত ৫০শতাংশ কৰ আৰোপ কৰাক লৈও পিটাৰে কয় যে, ভাৰতৰ ওপৰত অতিৰিক্ত ৫০শতাংশ কৰ লগোৱাৰ দুটা কাৰণ আছে। এটা হৈছে ভাৰতে আমেৰিকাত অবৈধ কিছু বজাৰ মেলিছে আৰু আনটো হৈছে ৰাছিয়াৰ পৰা তেল ক্ৰয়। এই দুটা কাৰণত ভাৰতৰ বিৰুদ্ধে ২৫শতাংশকৈ অতিৰিক্ত কৰ আমি আৰোপ কৰিছো।
পিটাৰে আৰু এখোজ আগুৱাই গৈ ভাৰতৰ বিৰুদ্ধে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত উচতনি দিয়া বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে আৰু ৰাছিয়াই সেই ধন যুদ্ধত ব্যয় কৰিছে। ভাৰতে এনেদৰেই যুদ্ধত পৰোক্ষভাৱে সহায় কৰি আহিছে।
মাৰ্কিন বাণিজ্যিক উপদেষ্টা গৰাকীয়ে এই অভিযোগ উত্থাপন কৰিলেও, সোমবাৰে পুটিনৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ আহ্বান জনাইছিল পুটিনক। কিন্তু ইয়াৰ বিপৰীতে মিথ্যাচাৰৰ আশ্ৰয় লৈ ভাৰতক বদনাম কৰাত নামি পৰিছে ট্ৰাম্প আৰু তেওঁৰ টীম।