/asomiyapratidin/media/media_files/2026/03/06/ijjjdd-2026-03-06-21-27-58.jpg)
ডিজিটেল ডেস্কঃ অতি সাহসিকতাৰে আমেৰিকাৰ ওপৰত বিধ্বংসী আক্ৰমণ চলাইছিল ইৰানে। আমেৰিকাৰ ৯টাকৈ সেনাৰ ঘাটি, ৪খনকৈ যুজাৰু বিমান, ৪টা দূতাবাসৰ কাৰ্যালয় ধ্বংস কৰি দিয়াৰ লগতে কেইবাগৰাকীও সেনা জোৱান নিহত হৈছিল।
ইৰানৰ এই আক্ৰমণৰ পাছতে বিবুধিত পৰিছিল ট্ৰাম্প। হোৱাইট হাউচত আয়োজন কৰিছিল এক বিশেষ জৰুৰী বৈঠকৰ। এই বৈঠকৰ পাছতে ইৰাণৰ বিৰুদ্ধে পুনৰ ভাবুকি ভৰা এক বিবৃতি জাৰি কৰিছে ট্ৰাম্পে। তেওঁ কয় যে, ইৰানে নিঃচৰ্তভাৱে আত্মসমৰ্পণ কৰিব লাগিব, এনে কৰিলে ইৰানৰ বাবেই মংগল।
ট্ৰাম্পে লগতে আওপকীয়াকৈ এক ভাবুকি প্ৰদান কৰি কয়, আমেৰিকাৰ অস্ত্ৰ-শস্ত্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বিপজ্জনক। সেই কথা ইৰানে সময় থাকোতেই বুজি পোৱাতো উচিত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্টভাৱে কয় যে আত্মসমৰ্পণৰ বাহিৰে ইৰানৰ সৈতে কোনো চুক্তি কৰা নহ’ব।
মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, ইৰানত আমি নতুন নেতা নিৰ্বাচিত কৰিম আৰু আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে ইৰাণক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ বাবে উপযুক্ত আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us