/asomiyapratidin/media/media_files/2025/08/07/usa-7-2025-08-07-11-46-58.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বুধবাৰে ঘোষণা কৰিছে কম্পিউটাৰ চিপ আৰু ছেমিকণ্ডাক্টৰসমূহত ১০০ শতাংশ শুল্ক আৰোপ কৰিব। ট্ৰাম্পৰ এই ঘোষণাৰ ফলত ইলেক্ট্ৰনিক সামগ্ৰী, গাড়ী, গৃহসামগ্ৰী আদিৰ মূল্য বৃদ্ধি পাব।
হোৱাইট হাউছত এপলৰ মুখ্য কাৰ্যবাহী টিম কুকুৰ সৈতে এক বৈঠকৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, আমেৰিকা যুক্তৰাষ্ট্ৰত এই সামগ্ৰী উৎপাদন কৰিলে কোনো শুল্ক দিব নালাগে, কিন্তু বাহিৰৰ পৰা উৎপাদিত কম্পিউটাৰ চিপ আৰু ছেমিকণ্ডাক্টৰ সামগ্ৰীত ১০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।
উল্লেখ্য যে, ট্ৰাম্পে পূৰ্বেই ইলেক্ট্ৰনিক সামগ্ৰীত শুল্ক আৰোপ কৰিছিল যদিও প্ৰায় ৩ মাহ পূৰ্বে এই সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰাখিছিল। কোভিড মহামাৰীৰ সময়ছোৱাত কম্পিউটাৰ চিপৰ অভাৱৰ বাবেই বাহনৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল।
ট্ৰাম্পৰ এই সিদ্ধান্তৰ পিছতে যদিহে এ'পলৰ দৰে প্ৰতিষ্ঠানসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰত চিপ, ছেমিকণ্ডাক্টৰ সামগ্ৰী উৎপাদন কৰি পুঁজি বিুনিয়োগ কৰে তেন্তে তেওঁলোকে এই অতিৰিক্ত শুল্ক ৰেহাই পাব। ইতিমধ্যে কেইবাটাও বৃহৎ প্ৰযুক্তি সংস্থাই আমেৰিকাত ১.৫ নিযুত কোটি ডলাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ভিতৰত আছে এপলো। এপলে আমেৰিকাত কম্পিউটাৰ চিপ, ছেমিকণ্ডাক্টৰত বিনিয়োগ কৰিব ৬০০ বিলিয়ন ডলাৰ।
ট্ৰাম্প আৰু টিম কুকৰ মাজত হোৱা আলোচনাৰ পিছ এতিয়া আইফোনৰ বজাৰক লৈ নানান চৰ্চা অব্যাহত আছে। কিয়নো আমেৰিকাৰ বজাৰত উপলব্ধ আইফোনৰ অধিকাংশ ভাৰত আৰু চীনত উৎপাদিত। এই আইফোনসমূহ অতিৰিক্ত শুল্কৰ পৰা মুক্ত হ’ব নে নাই — সেই সন্দেহ এতিয়াও আছে।
অৱশ্যে ট্ৰাম্পৰ সৈতে টিম কুকুৰ বৈঠকৰ পিছতেই প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ মূল্যত ইতিবাচক প্ৰভাৱ পৰিছে। বুধবাৰৰ দ্বিতীয়াৰ্ধত কোম্পানীটোৰ শ্বেয়াৰ ৫ শতাংশ আৰু তাৰ পাছত ৩ শতাংশ বৃদ্ধি পায়।
তাৰোপৰি এনভিডিয়া আৰু ইন্টেলৰ শ্বেয়াৰ মূল্যতো বৃদ্ধি দেখা গৈছে। স্মৰ্তব্য, বিশ্বজুৰি চিপৰ চাহিদা বৃদ্ধি পাইছে। বিগত বছৰত চিপৰ বিক্ৰী ১৯.৬ শতাংশ বৃদ্ধি পাইছে।