/asomiyapratidin/media/media_files/2026/01/17/ujjjdd-2026-01-17-09-04-54.jpg)
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মন কেতিয়া সলনি হয়, সেয়া যেন কোনেও নাজানে। ইৰাণক লৈ বিগত দিনকেইটাত অতি কঠোৰ হৈ থকা আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হঠাতে ইৰাণ চৰকাৰক প্ৰশংসাৰে উপচাই পেলালে। লগতে ট্ৰাম্পে সিদ্ধান্ত গ্ৰহণ কৰিলে যে, আমেৰিকাই ইৰাণক আৰু আক্ৰমণ নকৰে।
ইৰাণক কিয় প্ৰশংসা কৰিলে ট্ৰাম্পে? দৰাচলতে ইৰাণ চৰকাৰে ৮০০লোকক ফাঁচী দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্ত বাতিল কৰিছে। আমেৰিকাই পূৰ্বৰে পৰাই এই সিদ্ধান্ত বাতিল কৰিবলৈ হেঁচা দি আহিছিল ইৰাণক। শেহতীয়াকৈ ইৰাণ চৰকাৰে তেওঁলোকৰ সিদ্ধান্ত বাতিল কৰাৰ পিছতে ট্ৰাম্পে ইৰাণ চৰকাৰক প্ৰশংসা কৰে।
ট্ৰাম্পে লগতে সদৰি কৰে যে, ইৰাণক আক্ৰমণ কৰিবলৈ আমেৰিকাই যি সিদ্ধান্ত লৈছিল, সেয়া সদ্যহতে স্থগিত ৰাখিছে। আমেৰিকাই এতিয়া ইৰাণক আৰু আক্ৰমণ নকৰে বুলি সদৰি কৰে ট্ৰাম্পে। তেওঁ লগতে এইটোও স্পষ্ট কৰি দিয়ে যে, ইৰাণক আক্ৰমণ নকৰাৰ সিদ্ধান্ত আমেৰিকাই নিজে গ্ৰহণ কৰিছে। ইয়াত কোনো দেশৰ হেঁচা নাই।
ইৰাণত পূৰ্বতকৈ পৰিস্থিতি উন্নত হোৱাৰো দাবী কৰে ট্ৰাম্পে। কিন্তু ইৰাণৰ বিষয়াসকলে সংবাদমাধ্যমত অৱগত কৰা মতে, প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰে পৰা ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। মানৱ অধিকাৰ সংস্থাসমূহে এই সংখ্যা ৩৫০০ৰো অধিক বুলি কয়। আনকি কিছুমান বাতৰিত মৃত্যুৰ সংখ্যা ২০ হাজাৰ বুলিও কোৱা হৈছে। অৱশ্যে এই পৰিসংখ্যাক লৈ যথেষ্ট মতানৈক্য আছে ৷
মুঠৰ ওপৰত এতিয়াও অশান্ত হৈয়ে আছে ইৰাণ। এই প্ৰতিবাদক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে গণ্য কৰি ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি অভিহিত কৰা হৈছে। কেইবাখনো চহৰত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us