/asomiyapratidin/media/media_files/2025/12/16/dsdsdsds-2025-12-16-12-30-18.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিবিচিৰ বিৰুদ্ধে তৰিছে ১০ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰ। সংবাদ সংস্থা এ পিৰ বাতৰি অনুসৰি ২০২১ চনৰ ৬ জানুৱাৰীত ৱাশ্বিংটনত সমৰ্থকসকলৰ আগত ট্ৰাম্পে দিয়া এটা ভাষণ বিভ্ৰান্তিকৰভাৱে সম্পাদনা কৰাৰ অভিযোগ উত্থাপন কৰি এই গোচৰ তৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ট্রাম্পে বিবিচিক আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছিল। যোৱা মাহত বিবিচিয়ে ট্রাম্পৰ ৬ জানুৱাৰীত দিয়া ভাষণ সম্পাদনা কৰাৰ বাবে ক্ষমাও বিচাৰিছিল। অৱশ্যে বিবিচিয়ে এই মানহানিৰ অভিযোগ অস্বীকাৰ কৰে। বিবিচিৰ মুৰব্বী সমীৰ শ্বাহে ইয়াক "বিচাৰৰ ভুল” বুলি অভিহিত কৰে। ইয়াৰ পাছতে পিছত বিবিচিৰ শীর্ষ কাৰ্যবাহী তথা সংবাদ মুৰব্বীয়ে পদত্যাগ কৰে।
ইফালে, ক্ষমা বিচৰাৰ পাছতো মানহানিৰ অভিযোগ অস্বীকাৰ বাবে বিবিচিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ট্ৰাম্প। ইয়াৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে, সম্প্ৰচাৰকজনে “ইচ্ছাকৃতভাৱে, দুৰ্নীতিপৰায়ণভাৱে আৰু প্ৰতাৰণামূলকভাৱে” ৬ জানুৱাৰীত দিয়া তেওঁৰ ভাষণটো সম্পাদনা কৰিছিল।
উল্লেখযোগ্য যে, ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বিবিচিয়ে "ট্রাম্প: এ ছেকেণ্ড চান্স?" নাম তথ্যচিত্ৰ খনত ২০২১ চনৰ পৰা ট্রাম্পৰ তিনিটা ভিন্ন ভাষণৰ কিছু অংশ ব্য়ৱহাৰ কৰিছিল। এই সকলোবোৰ ভাষণ কেপিটেল হিলৰ হিংসাৰ সৈতে জড়িত আছিল। এই তথ্যচিত্ৰখনৰ সম্পাদনাত বিবিচিয়ে কেপিটেলৰ হিংসাৰ পিছত ট্রাম্পে নিজৰ সমৰ্থকসকলক শান্তিৰ বাবে আবেদন জনোৱা অংশটো আঁতৰাই পেলাইছিল বিবিচিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us