কোনখন দেশৰ ওপৰত নাৰাজ ট্ৰাম্প! জি২০ সন্মিলনৰ পৰা আঁতৰোৱাৰ লগতে বন্ধ কৰি দিলে সাহায্যও...

আগন্তুক জি-২০ সন্মিলন অনুষ্ঠিত হ'ব আমেৰিকাৰ আতিথ্যত। ফ্লৰিডাত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন। বহুকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে অংশ ল'ব এই বৈঠকত। কিন্তু ট্ৰাম্পে সিদ্ধান্ত লৈছে যে, এইবাৰ এই বৈঠকলৈ আমন্ত্ৰণ নজনায় এখন বিশেষ দেশক। 

author-image
Asomiya Pratidin
New Update
amdnnd

ডিজিটেল ডেস্কঃ আগন্তুক জি-২০ সন্মিলন অনুষ্ঠিত হ'ব আমেৰিকাৰ আতিথ্যত। ফ্লৰিডাত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন। বহুকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে অংশ ল'ব এই বৈঠকত। কিন্তু ট্ৰাম্পে সিদ্ধান্ত লৈছে যে, এইবাৰ এই বৈঠকলৈ আমন্ত্ৰণ নজনায় এখন বিশেষ দেশক। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,  দক্ষিণ আফ্ৰিকাই আয়োজন কৰা জি-২০ সন্মিলনত অংশ লোৱা নাছিল আমেৰিকাই। ট্ৰাম্প প্ৰশাসনে কয় যে, দক্ষিণ আফ্ৰিকা চৰকাৰে খ্ৰীষ্টান লোকক হত্যা কৰাৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰি অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে তেওঁলোকে এই সন্মিলন বয়কট কৰিছিল। 

অহা বছৰ ফ্ল’ৰিডাত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনলৈ দক্ষিণ আফ্ৰিকাক আমন্ত্ৰণ নকৰাৰ লগতে দেশখনলৈ দিয়া সকলো ৰাজসাহায্যও প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে ট্ৰাম্প চৰকাৰে।  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বিষয়টো সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰে।

পোষ্টটোত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, "দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনত আমেৰিকাই অংশগ্ৰহণ কৰা নাছিল কাৰণ দক্ষিণ আফ্ৰিকা চৰকাৰে আফ্ৰিকান আৰু ডাচ, ফৰাচী আৰু জাৰ্মান বংশৰ অন্যান্য লোকৰ বিৰুদ্ধে হোৱা ভয়ংকৰ মানৱ অধিকাৰ উলংঘাক স্বীকাৰ কৰা নাই বা সমাধান কৰা নাই। সহজ ভাষাত ক'বলৈ গ'লে তাত বগা লোকক হত্যা কৰা হৈছে আৰু তেওঁলোকৰ মাটি আৰু খেতিপথাৰ কাঢ়ি লোৱা হৈছে।"

ট্ৰাম্পে লগতে কয় যে, "জি-২০ শীৰ্ষ সন্মিলনৰ সামৰণি দিনটোত দক্ষিণ আফ্ৰিকাই এই অনুষ্ঠানত উপস্থিত থকা আমাৰ আমেৰিকাৰ দূতাবাসৰ এজন জ্যেষ্ঠ প্ৰতিনিধিক জি-২০ৰ ৰাষ্ট্ৰপতিত্ব অৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছিল। গতিকে মোৰ নিৰ্দেশ অনুসৰি অহা বছৰ আমেৰিকাৰ ফ্ল'ৰিডাৰ মিয়ামীত অনুষ্ঠিত হ'বলগীয়া ২০২৬ চনৰ জি-২০লৈ দক্ষিণ আফ্ৰিকাক আমন্ত্ৰণ জনোৱা নহয়। 

তেওঁ আৰু  কয়, ‘দক্ষিণ আফ্ৰিকাই বিশ্বক প্ৰমাণ কৰিছে যে তেওঁলোক ক’তো সদস্যপদৰ যোগ্য নহয় আৰু আমি তেওঁলোকক দিয়া সকলো ধৰণৰ ধন আৰু ৰাজসাহায্য তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিছো।

ড'নাল্ড ট্ৰাম্প ডোনাল্ড ট্ৰাম্প ড’নাল্ড ট্ৰাম্প