যুদ্ধক্ষেত্ৰত পাকিস্তানৰ সংগী হ'ব পাৰে আমেৰিকা!

পাকিস্তান-আফগানিস্তানৰ মাজত চলি থকা যুদ্ধত প্ৰৱেশ কৰিছে ট্ৰাম্পে। এই যুদ্ধক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। এই বিষয়ত তেওঁ হস্তক্ষেপ কৰিব বুলি ট্ৰাম্প উল্লেখ কৰি কয় যে, পাকিস্তানৰ সৈতে আমাৰ

author-image
Asomiya Pratidin
New Update
ujjjjdd

ডিজিটেল ডেস্কঃ পাকিস্তান-আফগানিস্তানৰ মাজত চলি থকা যুদ্ধত প্ৰৱেশ কৰিছে ট্ৰাম্পে। এই যুদ্ধক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। এই বিষয়ত তেওঁ হস্তক্ষেপ কৰিব বুলি ট্ৰাম্প উল্লেখ কৰি কয় যে, পাকিস্তানৰ সৈতে আমাৰ ভাল সম্পৰ্ক।  পাকিস্তানে বৰ্তমান উৎকৃষ্ট কাম কৰি আছে।

ৱাশ্বিংটনত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা যুদ্ধত হস্তক্ষেপ কৰাৰ বিষয়ে সোধাত তেওঁ কয় যে, "মই হস্তক্ষেপ কৰিম। কিন্তু পাকিস্তানৰ সৈতে মোৰ অতি ভাল সম্পৰ্ক আছে। তেওঁলোকৰ এজন ভাল প্ৰধানমন্ত্ৰী, এজন ভাল সেনা জেনেৰেল আছে। এই দুয়োজনেই মানুহক মই বহুত সন্মান কৰো। পাকিস্তানে এক ডাঙৰ কাম কৰি আছে।

যুদ্ধত কাক সমৰ্থন বুলি সোধা প্ৰশ্নৰ প্ৰত্যক্ষভাৱে উত্তৰ প্ৰদান নকৰি পাকিস্তানৰ সৈতে ভাল সম্পৰ্কৰ কথা উল্লেখ কৰা প্ৰসংগটোক লৈ পাকিস্তানেও সন্তুষ্টি প্ৰকাশ কৰিছে। ট্ৰাম্পৰ এই বক্তব্যৰ পিছতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়েও ইছলামবাদৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ উপ-বিদেশ সচিব এলিছন এম হুকাৰে কয় যে তেওঁ পাকিস্তানৰ বৈদেশিক সচিবৰ সৈতে কথা পাতি শেহতীয়াকৈ সংঘাতত হেৰুৱা জীৱনৰ বাবে শোক প্ৰকাশ কৰিছে। হুকাৰে কয় যে আমি পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো আৰু তালিবানৰ আক্ৰমণৰ বিৰুদ্ধে পাকিস্তানৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰিছো।

আমেৰিকা যুক্ত ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা পাকিস্তান