/asomiyapratidin/media/media_files/2025/09/05/cccsd-2025-09-05-19-20-06.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ ইংগিত প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ উল্লেখ কৰে যে, দুসপ্তাহ আগতে মই কৈছিলোঁ, যদি ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰে, তেন্তে ভাৰতৰ বাবে ডাঙৰ সমস্যা হ’ব।’
সংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ট্ৰাম্পে স্পষ্ট কৰে যে, ৰাছিয়াৰ ওপৰত আৰোপ কৰা গৌণ নিষেধাজ্ঞাই বহু বিলিয়ন ডলাৰ ক্ষতি কৰিছে। ট্ৰাম্পে লগতে উল্লেখ কৰে, “আপুনি ক’বনে, চীনৰ বাহিৰত সৰ্ববৃহৎ ক্ৰেতা ভাৰতৰ ওপৰত গৌণ শুল্ক আৰোপ কৰাটো কোনো পদক্ষেপ নহয় বুলি? সেইটোৱে ৰাছিয়াক বিপুল ক্ষতি কৰিছে।”
উল্লেখযোগ্য যে, ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ ভিত্তি শুল্কৰ উপৰিও ২৫ শতাংশ গৌণ শুল্ক আৰোপ কৰিছে। ফলত মুঠ টাৰিফ ৫০ শতাংশলৈ বৃদ্ধি পাইছে আৰু বহুতো সামগ্ৰীৰ ওপৰত কার্যকৰী শুল্ক ইয়াৰো অধিক হৈ পৰিছে। বিশ্লেষকসকলে আশংকা প্ৰকাশ কৰিছে যে, ট্ৰাম্পে যি “ফেজ-২” আৰু “ফেজ-৩” শুল্কৰ ইংগিত দিছে, সেইবোৰও আগলৈ ভাৰতৰ ওপৰত প্ৰয়োগ হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ লগে লগে চীনৰ ওপৰত ট্ৰাম্পৰ পূৰ্বৰ শুল্কযুদ্ধৰ কথাও পুনৰ চৰ্চা হৈছে। ২০২৫ চনত আৰম্ভ হোৱা এই শুল্কযুদ্ধত আমেৰিকা আৰু চীন ক্ৰমান্বয়ে একে-একে দেশৰ ওপৰত শুল্ক বৃদ্ধি কৰি অৱশেষত চীনা সামগ্ৰীৰ ওপৰত আমেৰিকাই ২৪৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিছিল। যদিও পিচত ইয়াক হ্ৰাস কৰি ৩০ শতাংশলৈ অনা হয়। বিশ্লেষকৰ মতে, চীনৰ লগত হোৱা শুল্কযুদ্ধৰ ধাৰাবাহিকতাৰ পৰা বুজি পোৱা যায় যে, ট্ৰাম্পৰ হাতত থকা “ফেজ-২” আৰু “ফেজ-৩” ভাৰতৰ বাবে এক ডাঙৰ চেলেঞ্জ হৈ পৰিব পাৰে।