'মহীয়সী' ৰ উদ্যোগত গাৰ্হস্থ্য আইন সজাগতা সভা অনুষ্ঠিত...

author-image
Asomiya Pratidin
New Update
'মহীয়সী' ৰ উদ্যোগত গাৰ্হস্থ্য আইন সজাগতা সভা অনুষ্ঠিত...

DHEMAJI

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ অন্যতম মহিলা স্বেচ্ছাসেৱী অনুষ্ঠান "মহীয়সী'' স্বেচ্ছাসেৱী নাৰী সমাজ অসমৰ উদ্যোগত ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত বৃহস্পতিবাৰে ধেমাজি লক্ষীপথাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰুৱা ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গাৰ্হস্থ্য আইনৰ সন্দৰ্ভত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ পুৱা ১১ বজাত উদ্যোগতাসকলৰ দ্বাৰা বিদ্যালয় চাফাই অভিযানেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে।

Advertisment

ইয়াৰ পিছতেই মহীয়সীৰ মুখ্য সমন্বয়ক লক্ষীপ্ৰভা সন্দিকৈ চুতীয়া আৰু বৰুৱা ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পবিত্ৰ দুৱৰাই বিদ্যালয়ৰ চৌহদত একোটিকৈ পলাশ গছৰ পুলি ৰোপণ কৰে৷ দুপৰীয়া ১২ বজাত বৰুৱা ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পবিত্ৰ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সুৰজিতা ত্ৰিবেদী উপস্থিত থাকি সমাজত ক্ৰমাৎ বৃদ্ধি পোৱা গাৰ্হস্থ্য হিংসাৰ কাৰণসমূহ পুংখানুপুংখভাৱে ব্যাখ্যা কৰি এই জটিল সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে ৷

তেওঁ এই হিংসাৰ বাবে আটাইতকৈ কণমানি সন্তানসকল অনাহকত বলি হয় বুলি উল্লেখ কৰে আৰু সকলো নাৰীকে এই স্পৰ্শকাতৰ সমস্যাৰ প্ৰতি অধিক সচেতন হ'বলৈ উপস্থিত দুই শতাধিক মহিলাক আহ্বান জনায় ৷ সচিবগৰাকীয়ে প্ৰসংগক্ৰমে ধেমাজি জিলাত ক্ৰমাৎ বাল্য বিবাহৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা তথ্য সহকাৰে উল্লেখ কৰে আৰু পিতৃ- মাতৃক এইক্ষেত্ৰত সচেতন হ'বলৈ আহ্বান জনায় ৷

সভাত ধেমাজি সমল কেন্দ্ৰৰ পৰিকল্পনা আৰু মূল্যায়ন বিষয়া কামাখ্যা প্ৰসাদ বৰুৱা উপস্থিত থাকি চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে প্ৰৰ্বত্তন কৰা আচঁনিসমূহৰ বিষয়ে বহলভাবে দাঙি ধৰি ৰাইজক সচেতন হৈ নিজৰ নিজৰ প্ৰাপ্য অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ আহবান জনায় ৷ লগতে বৰুৱাই সমাজত প্ৰচলিত হৈ থকা অন্ধবিশ্বাস তথা কুসংস্কাৰৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে আৰু এই দিশত সমাজৰ প্ৰতিজনলোক সচেতন নহ'লে বৃহত্তৰ সমাজখন কোনোপধ্যে আগুৱাই যাব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, উদ্যোক্তা 'মহীয়সী' ৰ আইন উপদেষ্টা অধিবক্তা বিপুল গগৈয়ে আঁতধৰা আৰু সভানেত্ৰী চুমী চলিহা কোৱঁৰে আদৰণি ভাষণ আগবঢ়োৱা সজাগতা সভাখনিত শলাগৰ শৰাই আগবঢ়ায় 'মহীয়সী' ৰ সম্পাদিকা মিনাক্ষী সোনোৱালে ৷ প্ৰণিধানযোগ্য যে, অৱসৰপ্ৰাপ্ত টেলিকম বিষয়া ভৱেন পায়েং , শিক্ষক দেৱেন চেতিয়া, বৰুৱা ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যজ্ঞেশ্বৰ চুতীয়া, সমাজকৰ্মী বংশী তামুলীয়ে অংশগ্ৰহণ কৰা সজাগতা সভাখনিত 'মহীয়সী' ৰ মুখ্য সমন্বয়ক লক্ষীপ্ৰভা সন্দিকৈ চুতীয়া, ক্ষীৰদা চুতীয়া, সভানেত্ৰী চুমী চলিহা কোঁৱৰ, উপ-সভানেত্ৰী ইন্দিৰা বৰুৱা ,কোষাধ্যক্ষ অমীয়া কাকতিকে ধৰি বহু লোক উপস্থিত থাকে।

ইফালে সভাৰ আৰম্ভণিতে বৰুৱা ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷

dhemaji