/asomiyapratidin/media/media_files/2025/01/21/c6IdqeRwx2uzKjjf1Dvt.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: কামৰূপ জিলাৰ হাজোৰ কুলহাটীস্থিত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ পৰামৰ্শ সভা ২১ জানুৱাৰীত দিনৰ ১ বজাত অনুষ্ঠিত হয়। স্নাতকোত্তৰ শিক্ষয়ত্রী ড° ৰঞ্জিতা গোস্বামীয়ে আঁত ধৰা আৰু দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সূৰ্য কুমাৰ ভট্টাচাৰ্যই সভাপতিত্ব কৰা কেৰিয়াৰ পৰামৰ্শ সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই।
ড° বুঢ়াগোহাঁয়ে শিক্ষার্থীসকলে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে,তাৰ বিষয়ে আলোচনা কৰে। ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ,পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীসকলে কেৰিয়াৰ নিৰ্বাচন কৰিলে কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পাঠ্যক্রমতে ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে বুলি ড° বুলজিৎ বুঢ়াগোহাঁয়ে উল্লেখ কৰে।
ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে।পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্যপুথি ভালদৰে অধ্যয়ন কৰা, সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বিভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়া, নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে বুলি উল্লেখ কৰে।
দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু একাদশ শ্রেণীৰ শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকা কেৰিয়াৰ পৰামৰ্শ সভাখনত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়োৱাৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে বিনামূলীয়াকৈ কেৰিয়াৰ পৰামৰ্শ আগবঢ়োৱাৰ বিষয়েও অৱগত কৰে।