/asomiyapratidin/media/media_files/2025/09/06/ujjjd-2025-09-06-18-33-19.jpg)
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় ডলী চায়ৱালা। ফুটপাথত ব্যতিক্ৰমী শৈলীৰে চাহ বিক্ৰী কৰে ডলীয়ে। সামাজিক মাধ্যম ব্যৱহাৰ কৰা সকলৰ বাবে ডলী চায়ৱালা এখন চিনাকী মুখ। এই ডলী চায়ৱালাৰ দোকানতে চাহ খাবলৈ আহিছিল বিল গেটছ। তাৰ পিছতে ভাগ্য সলনি হৈছিল ডলীৰ। এসময়ত ৭টকাৰ কাৰনে কান্দিব লগা হোৱা ডলীয়ে এতিয়া এদিনত উপাৰ্জন কৰে ৭লাখ টকা।
২০১০চনত ডলীয়ে গুজৰাটৰ ফুটপাথত আৰম্ভ কৰিছিল চাহ দোকানখন। ব্যতিক্ৰমী শৈলীৰে ডলীয়ে বনোৱা চাহ খাবলৈ বহু লোকৰ সমাগম হৈছিল। লাহে লাহে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল ডলী। সকলোৱে নাজানে যে ডলীৰ আচঁল নাম সুশীল পাটিল। গুজৰাটৰ নাগপুৰত ঘৰ সুশীলৰ।
২০১০চনৰে পৰা এতিয়ালৈকে সেই একে ঠাইতে চাহ বনাই আছে ডলীয়ে। পূৰ্বে একাপ চাহত ৭টকাত বিক্ৰী কৰিছিল যদিও বিল গেটছে চাহ খোৱাৰ পাছত ডলীয়ে একাপ চাহৰ দাম কৰিলে ১৫টকা। বৰ্তমান দিনটোত ৪০০ৰ পৰা ৫০০কাপ চাহ বিক্ৰী হয় ডলীৰ ফুটপাথৰ দোকানত।
ভাইৰেল হোৱাৰ পাছতে এতিয়া ডলী এতিয়া নাথাকে সেই দোকানখনত। কেতিয়াবাহে যায় দোকানলৈ। বৰ্তমান ভিন্ন অনুষ্ঠানত অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰে ডলীয়ে। দেশৰ লগতে বিদেশলৈও মাহত ৭-৮বাৰ যায় ডলী। ডলীক আমন্ত্ৰণ কৰিলে ৫ষ্টাৰ হোটেলৰ লগতে বাকী সকলো ব্যৱস্থা কৰিব দিব আয়োজকসমিতিয়ে।
এটা অনুষ্ঠানলৈ যোৱাৰ বাবদ ডলীয়ে এতিয়া মাননি লয় ৭লাখ টকা। এই সকলোবোৰ মিলাই ডলীয়ে এতিয়া মাহত উপাৰ্জন কৰে ১০-১৫লাখ টকা। ফুটপাথত চাহৰ দোকান দিয়া ডলীক হঠাতে সামাজিক মাধ্যমে ৰজা বনাই দিলে। এসময়ত সকলোৱে হহাঁ ডলী এতিয়া ইউৰোপ, ডুবাই, আমেৰিকাতে কটায় মাহটোৰ অধিকাংশ সময়।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us