দলগাওঁ নেৰো! অজন্তা পথৰ গৌৰৱ গগৈৰ বাসগৃহত শতাধিক কংগ্ৰেছীৰ ক্ষোভ

“কোনো কাৰণতে দলগাঁও ৰাইজ দলক এৰি দিবলৈ সন্মত নহয়” বুলি প্ৰতিবাদকাৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰে।

author-image
Asomiya Pratidin
New Update
UYSUDYSUSDI

ডিজিটেল ডেস্কঃ দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনাক লৈ কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত ক্ষোভ অব্যাহত আছে। মঙলবাৰে এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে গুৱাহাটীৰ মহানগৰীৰ অজন্তা পথস্থিত গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত।

 নিশা শতাধিক কংগ্ৰেছ কৰ্মীয়ে গগৈৰ ঘৰৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। “কোনো কাৰণতে দলগাঁও ৰাইজ দলক এৰি দিবলৈ সন্মত নহয়” বুলি প্ৰতিবাদকাৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰে। দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিলে কঠোৰ আন্দোলনৰ হুংকাৰো দিয়ে তৃণমূল কৰ্মীসকলে।

ইফালে, দিল্লীত স্ক্ৰীনিং কমিটীৰ বৈঠক সামৰি উভতি অহাৰ পিছতেই গৌৰৱ গগৈ দলীয় কৰ্মীৰ এই বিদ্ৰোহৰ সন্মুখীন হয়। ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে অভিযোগ অনুসৰি, দলগাঁও সমষ্টি সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ আগতে স্থানীয় কৰ্মী আৰু ৰাইজৰ মতামত গ্ৰহণ কৰা হোৱা নাই।

ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা হয়। আনহাতে, দলীয় মহলত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গৌৰৱ গগৈ