ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ ডকমকা নগৰৰ ৪ নং ৱাৰ্ডৰ নিবাসী ইন্দ্ৰজিত সিংহা আৰু ৰজনী তেৰাংপিৰ কন্যা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষিকা ড. সোণালী সিংহাক 'Representstoins of Africa in Contemporary Black British Fiction by Women ' শীৰ্ষক গৱেষণাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে পিএইচডি ডিগ্ৰী প্ৰদান কৰে।
তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ড. সঞ্জীৱ চাহুৰ তত্বাৱধানত গৱেষণা কাৰ্য সম্পন্ন কৰে। সোণালী সিংহাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিভাগৰ গৱেষিকা হিচাপে পিএইচডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা খবৰে কাৰ্বি আংলং জিলাৰ লগতে ডকমকা অঞ্চলত গৌৰৱ কঢ়িয়াই অনাৰ লগতে আনন্দৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
এই সন্দৰ্ভত সোণালী সিংহাৰ পিতৃ-মাতৃয়ে কন্যাৰ সাফল্যত সুখ আৰু আনন্দ অনুভৱ কৰাৰ লগতে অন্য ছাত্ৰ ছাত্ৰী সকলক যাতে এনে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ি যায় তাৰ বাবে অনুৰোধ জনায়। তেওঁক তেজপুৰ মহাবিদ্যালয়ত ২৭ডিচেম্বৰত অনুষ্ঠিত হোৱা সমাবৰ্তনত তেওঁক ডিগ্ৰী প্ৰদান কৰে। তেওঁ গুৱাহাটীৰ আজাৰাস্থিত আছাম ড'নবস্ক ইউনিভাৰচিটিত অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰিছে।