/asomiyapratidin/media/media_files/2026/01/13/dokmoka-untitled-1-copy-2026-01-13-11-51-23.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং :মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ আত্ম সহায়ক গোট সমূহৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীক হাওৰাঘাট বিধানসভা সমষ্টিৰ ডকমকাত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জিলা প্ৰশাসন আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে যৌথ্যভাৱে আয়োজিত কৰে এই চেক বিতৰণ অনুষ্ঠান।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে চিইএম তুলিৰাম ৰংহাং, সাংসদ অমৰ চিং টিচঁ , উঃ পূঃ পৰিষদৰ সদস্য সচিব লংকি ফাংচ আদিকে কৰি বিধায়ক বিদ্যা চিং ইংলেং, দৰ চিং ৰংহাং, ৰূপ চিং টেৰণ, পৰিষদৰ ইএম প্ৰভাত চন্দ্ৰ তাৰৌ, ডি উফিং মাছলাই লগতে নৱ-নিযুক্ত জিলা আয়ুক্ত আৰাংগা শইকীয়া আদি।
সভাত ভাষণত উল্লেখ কৰে যে মুখ্যমন্ত্ৰীগৰাকী অসমৰ আন আন জিলাতকৈ কাৰ্বি আংলঙত উন্নয়নমূখী হৈ পৰিছে তুলিৰাম ৰংহাংঙৰ নেতৃত্বত৷ হাওৰাঘাট বিধানসভাৰ সমষ্টি দুখীয়া ৰাইজক পুনৰ আকৌ এক হাজাৰ অৰুণোদয় দিয়া প্ৰতিশ্ৰুতি দিয়ে ৷
ৰাইজৰ দুখ-বেদনা সমূহ বিজেপি চৰকাৰে পূৰণ কৰিব ৷ অহা বিধান সভাৰ নিৰ্বাচনত বিজেপি সহযোগ কৰিলে ৰাইজে সকলো সুবিধা পাব বুলি উল্লেখ কৰে ৷
তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৎপৰ্য্য মন্তব্য কৰে যে- আগন্তুক বিধানসভাৰ নিৰ্বাচনতৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনে অধিক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে৷ আগন্তুক পৰিষদৰ নিৰ্বাচনত আসন সংখ্যা বৃদ্ধি হ’ব, সেয়েহে নৱপ্ৰজন্মৰ আৰু মহিলা সকলে আগভাগ ল’ব লাগে বুলি উল্লেখ কৰে৷ মুঠতে ডকমকাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিয়ান ৩৩,৮১১গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us