চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ, কচুৱা থানাত দাখিল এজাহাৰ

কচুৱাত এজন চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হৈছে চাঞ্চল্যকৰ অভিযোগ। প্ৰেমানন্দ বিশ্বাসৰ এগৰাকী ব্যক্তিৰ সাতমহীয়া গৰ্ভাৱতী পত্নীক কিছুদিনৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসক জাকিৰ ৰাজা আৱেদিনৰ কাষলৈ নিছিল।

author-image
Asomiya Pratidin
New Update
KAMPUR

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱাত এজন চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হৈছে চাঞ্চল্যকৰ অভিযোগ। প্ৰেমানন্দ বিশ্বাসৰ এগৰাকী ব্যক্তিৰ সাতমহীয়া গৰ্ভাৱতী পত্নীক কিছুদিনৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসক জাকিৰ ৰাজা আৱেদিনৰ কাষলৈ নিছিল। চিকিৎসক গৰাকীয়ে মহিলা গৰাকীক আলট্ৰাচাউণ্ড কৰিবলৈ পৰামৰ্শ দিয়ে।

চিকিৎসক গৰাকীৰ পৰমৰ্শ মতে তেওঁ কৰ্মৰত হৈ থকা জগত লেৱট্ৰৰী আৰু ড্ৰাইগনিষ্ট্ৰ চেণ্টাৰত মহিলাগৰাকীক আলট্ৰাচাউণ্ডত কৰোৱা হৈছিল। ড০ জাকিৰ ৰাজা আৱেদিনে দিয়া ৰিৰ্পট মতে, মহিলা গৰাকীৰ গৰ্ভত আছিল এটা সুস্থ সন্তান। 

পিছত ২ ছেপ্তেম্বৰত মহিলা গৰাকী অতিকে অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰা হয়। চিকিৎসালয়ত মহিলাগৰাকীয়ে দুটাকৈ সন্তান প্ৰসৱ কৰে। চিকিৎসকৰ ৰিৰ্পটত এটা সন্তান গৰ্ভত থকা বুলি কোৱা হৈছিল যদিও মহিলা গৰাকীয়ে দুটা সন্তান জন্ম দিয়াত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক। মহিলা গৰাকী অতিকে অসুস্থ হৈ পৰাত সৃষ্টি হয় চাঞ্চল্যৰ।

এই ঘটনাত অতিষ্ঠ হৈ মহিলা গৰাকীৰ স্বামী প্ৰেমানন্দ বিশ্বাসে কচুৱা থানাত এজাহাৰ দাখিল কৰাৰ লগতে চিকিৎসক জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে, এটা সপ্তাহৰ পূৰ্বেও লেবট্ৰৰীটোত সংঘটিত হৈছিল অনুৰূপ ঘটনা। পূৰ্বৰে পৰা বহু অভিযোগ থকা এই লেবট্ৰৰীটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে সচেতন লোকে।

কচুৱা