/asomiyapratidin/media/media_files/2024/12/15/n2SCAh7uCpO5DPr7CIgs.jpg)
ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ ফৰ্টিছ এছকৰ্ট হাস্পতালৰ "হাৰ্ট এণ্ডৰবটিক চাৰ্জাৰী" বিভাগৰ সঞ্চালক ড' ঋতৃক ৰাজ ভূঞাৰ সাফল্য ৷ দেওবাৰে নাগপুৰৰ পৰা দিল্লীলৈ গ্ৰীণ কৰিডৰ সৃষ্টি কৰি সফলভাৱে অস্ত্ৰোপ্ৰচাৰটো সমাপন কৰে ড' ঋতৃক ৰাজ ভূঞাই ৷ এজন ব্ৰেইন ডেড ৰোগীৰ হাৰ্ট ট্ৰানচপ্লান্ট সফলভাবে সমাপন হয় ৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত চিকিৎসাৰ উন্নত শিক্ষা আৰু চিকিৎসাৰ অভিজ্ঞতা কৰিছে চিকিৎসক ভূঞাই ৷ উত্তৰ ভাৰতৰ প্ৰথমটো "ৰবটিক ছাৰ্জাৰী" ৰ প্ৰতিষ্ঠান হিচাপে ৰবটিক চাৰ্জন হিচাপেও সফলতা লাভ কৰিছে ড' ঋতৃক ৰাজ ভূঞাই।ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰা ঋতৃক ৰাজ ভূঞা দেশৰ শীৰ্ষ হাৰ্ট চাৰ্জন সকলৰ ভিতৰত অন্যতম ৷