এনেকৈয়েই আহে মৃত্যু...

বাছেৰে কৰ্মস্থলীলৈ আহোঁতেই চকু মুদিলে চিকিৎসক ৰন্টুমণি কাকতিয়ে। অচেতন হৈ পৰা কাকতিক হাস্পতালত ভৰ্তিৰ পাছতে মৃত ঘোষণা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  মৃত্যু কাৰ কেতিয়া কেনেকৈ হয় সেয়া হয়তো কোনোৱে নাযানে। ভাৱিলে আঁচৰিত লগা এক ঘটনা। তেওঁ কাহানিও কল্পনা কৰা নাছিল যে এনেদৰে চিৰ দিনৰ বাবে চকু মুদিব লাগিব। প্ৰতিটো সময়তে নিজৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা পালন কৰা এজন চিকিৎসকৰ এনেদৰে মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। 

WhatsApp Image 2026-01-19 at 12.58.14 PM

ঘটনাৰ বিৱৰণী মতে, কুলহাটীৰ চেঁচামুখৰ পৰা  আগিয়া ব্লক PHCলৈ গৈ আছিল ৰন্টুমণি কাকতি নামৰ চিকিৎসকজন। তেওঁ  দুঘনৈ গোৱালপাৰা হস্পিতালত কৰ্তৰত বুলি জানিব পৰা গৈছে। হঠাৎ চলি থকা বাছতে স্ট্রোক অহাত মৃত্যুমুখত পৰে চিকিৎসকজন। ততাতৈয়াকৈ চিকিৎসকজনক হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।  

অসম