/asomiyapratidin/media/media_files/2025/12/31/new-ap-web2-2025-12-31-21-25-19.jpg)
ডিজিটেল সংবাদ, ডবকাঃ ডবকাৰ নিকটবৰ্তী এলেকাৰ যমুনা–মৌডংগা সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ বেদখল অৱশেষত উচ্ছেদৰ মুখামুখি হৈছে। বন বিভাগে কৰা বিস্তৃত জৰীপত সংৰক্ষিত বনাঞ্চলৰ কেইবা হেজাৰ বিঘা ভূমি অবৈধ দখলত থকাৰ তথ্য পোহৰলৈ আহে।
এই পৰিস্থিতিত হোজাই জিলাৰ দক্ষিণ নগাওঁ বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত যমুনা উপত্যকা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনত বন বিভাগে জৰীপ সম্পূৰ্ণ কৰি ইতিমধ্যে ১২০০ৰো অধিক বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰে। ডবকা বনাঞ্চলিক বিষয়াৰ অধীনত থকা যমুনা–মৌডংগা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে গাঁও পাতি থকা, ঘৰ নিৰ্মাণ কৰা, গছ-গছনি কটা, পুখুৰী খন্দা, তামোল-পাণ আদি বাণিজ্যিক গছ ৰোপণ কৰা আৰু কৃষিকাৰ্য চলাই অহা বেদখলকাৰীসকললৈ এই জাননী জাৰি কৰা হৈছিল।
উচ্ছেদৰ জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, এই সকলো কাৰ্যকলাপ অসম বন আইন, ১৮৯১ (১৯৯২ চনত সংশোধিত)ৰ ২৪ আৰু ২৫ নং ধাৰাৰ অধীনত দণ্ডনীয় অপৰাধ। লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ Suo Moto PIL No. 1/2022 আৰু WA No. 251/2025 আৰু WA No. 252/2025 (১৮/০৮/২০২৫) অনুসৰি সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ বেদখল আঁতৰাবলৈ বন বিভাগক স্পষ্ট নিৰ্দেশ দিয়া হৈছে। আদালতৰ নিৰ্দেশ অনুসাৰে বেদখলকাৰীক প্ৰথমে ১৫ দিন আৰু তাৰ পিছত অতিৰিক্ত ১৫ দিনৰ ভিতৰত বনাঞ্চল খালি কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল।উচ্ছেদৰ জাননী প্ৰেৰণ হোৱাৰ পিছতেই ডবকাৰ উদমাৰী অঞ্চলত এক অভূতপূৰ্ব হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইতিমধ্যে একাংশ বেদখলকাৰীয়ে কোনো প্ৰতিবাদ নকৰাকৈ নিজে নিজে ঘৰ ভাঙি অন্য স্থানলৈ ঢাপলি মেলিবলৈ আৰম্ভ কৰিছে। আনহাতে, বহু দুখীয়া গঞা ৰাইজে হঠাতে জাননী পাই মূৰে কপালে হাত দিছে। চকুৰ সন্মুখতে নিজৰ খেতিডৰা ধ্বংস হোৱাৰ আশংকাই তেওঁলোকক মানসিকভাৱে ভাগি পেলাইছে।
ইফালে, প্ৰশাসনে স্পষ্টকৈ জানিবলৈ দিছে যে অহা ২ জানুৱাৰীত ডবকাত উচ্ছেদ অভিযান নিশ্চিতভাৱে চলিব। ইতিমধ্যে দুদিন ধৰি মাইক যোগে উচ্ছেদ সম্পৰ্কে ঘোষণা কৰি থকা হৈছে আৰু বন বিভাগৰ লগতে জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে।
এই পৰিস্থিতিত আজি বিন্নাকান্দি সমষ্টিৰ বিধায়কে একাংশ নেতা-কৰ্মীক লগত লৈ হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰত ভূমিহীন লোকসকলক শীঘ্ৰে ভূমি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱাৰ লগতে উচ্ছেদ প্ৰক্ৰিয়া সন্মানসহ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হয়। নতুন বছৰৰ প্ৰাকমুহূৰ্তত উচ্ছেদ অভিযান চলোৱাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। বছৰেকীয়া পৰীক্ষা সমাগত থকাৰ মাজতেই উচ্ছেদ চলিলে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাজীৱন ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে।
এফালে বনাঞ্চল বেদখলমুক্ত কৰাৰ আইনগত বাধ্যবাধকতা, আনফালে সহায়হীন গঞা ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰশ্ন,এই দুয়োটাৰ মাজতে ডবকাৰ যমুনামৌডংগা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান এতিয়া এক গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয় হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us