/asomiyapratidin/media/media_files/2026/03/06/gferfge-2026-03-06-19-17-09.jpg)
ডিজিটেল সংবাদ, ডবকাঃ ডবকাৰ মিকিৰআটি টোলপ্লাজাত আজি পুনৰ এজন চালকক মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। সামান্য কথাক লৈ টোলগেটৰ ৭-৮ জনীয়া কৰ্মচাৰীয়ে এজন চালকক গুৰুলাগুৰুলকৈ মাৰপিট কৰে।
অভিযোগ অনুসৰি, টোলগেটৰ কৰ্মচাৰীৰ আক্ৰমণত আহত ইকবাল হুছেইন নামৰ চালকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আহত চালকজন ডবকা- সৰুপথাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ইফালে, ঘটনাৰ পিছতে চালকজনে ডবকা থানাত এজাহাৰ দাখিল কৰে। কিন্তু অভিযোগ উঠিছে যে, আৰক্ষীয়ে টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
উল্লেখযোগ্য যে দুদিন পূৰ্বে চালকজনৰ বাহনত ফাষ্টটেকত ৰিচাৰ্জ নথকাৰ বাবে টোল কৰ্মীসকলে তেওঁৰ অ’ৰিজিনেল ড্ৰাইভিং লাইচেঞ্চ জব্দ কৰি ৰাখিছিল। আজি উক্ত লাইচেঞ্চ বিচাৰিবলৈ আহোতে এই মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে।
ইফালে, ডবকা টোলগেটৰ কৰ্মচাৰীয়ে প্ৰায়েই চালক আৰু সাধাৰণ লোকৰ সৈতে কাজিয়া-মাৰপিট কৰাৰ অভিযোগ বহুদিন ধৰি উত্থাপিত হৈ আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us