/asomiyapratidin/media/media_files/2025/11/29/gooff-2025-11-29-12-15-46.jpg)
ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ ডবকা ৩৬ নং ৰাষ্ট্ৰীয় পথৰ শালবাগানত আজি সন্ধিয়া সাত মান বজাত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ লোক নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷সন্ধিয়াৰ ভাগত দুই স্কুটী আৰোহী নিজ গৃহলৈ আহি থকা অৱস্থাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় দুজন লোক।
নিহত লোক দুজন চাচা- ভাতিজা বুলি জানিব পৰা গৈছে |ইয়াৰে এজন ডবকা বুঢ়ীগাৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক মনিৰাম পাথৰৰ পুত্ৰ দিপাকৰ পাথৰ আৰু আনজন একেগাৱৰে দিগেন পাথৰৰ পুত্ৰ দিপেন পাথৰ বুলি জানিব পৰা গৈছে ।AS-02-CC-5781 নম্বৰৰ দ্ৰতবেগী ডাম্পাৰে AS-31-D-5686 নম্বৰৰ স্কুটী আৰোহীক মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ গল দুয়োজন লোকৰ৷
অভিযোগ মতে ডবকাত ডাম্পাৰৰ সন্ত্ৰাস আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গাত থকাৰ ফলত উদ্বেগ জনক ভাৱে দুৰ্ঘটনা বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপিত হৈছে৷ ডবকা আৰু কাৰ্বিআংলং সীমান্তত দিনে -নিশা উলোটা দিশত ডাম্পাৰ চলাচল কৰোৱা ,কম বয়সীয়া চালকে ডাম্পাৰ চলোৱা ,শিল ভৰ্তি দ্ৰুত গতিৰে ডাম্পাৰৰ চলাচল ,ত্ৰিপল অবিহনে দ্ৰুত গতিত বিপদ সংকুল ভাৱে ডাম্পাৰ চলাচল কৰা,ৰাষ্ট্ৰীয় পথত প্ৰকাণ্ড প্ৰকাণ্ড গাথ আৰু ৰাষ্ট্ৰীয় পথৰ কাষত চাইডবাম নথকা আদিৰ ফলত ডবকা অঞ্চলত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে যদিও হোজাই আৰু কাৰ্বিআংলং জিলা প্ৰশাসন ,বন বিভাগ ,পৰিবহন বিভাগ,আৰক্ষী আৰু বন বিভাগৰ ৰহস্যজনক ভুমিকাই সাধাৰণ লোক ক্ষুন্ন হে পৰিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us