দীৰ্ঘদিনীয়াৰ দাবীৰ অন্তত যমুনামুখ ৰে'ল ষ্টেচনত তিনিখনকৈ ষ্টপেজ, উৎফুল্লিত স্থানীয় ৰাইজ...

দীৰ্ঘদিনীয়া দাবীৰ অন্তত অৱশেষত ৰেল কৰ্তৃপক্ষই যমুনামুখ ষ্টেচনত তিনিখনকৈ ৰেল ষ্টপেজ প্ৰদান কৰাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে যমুনামুখ ৰেল ষ্টেচনত কে'বাখনো গুৰুত্বপূৰ্ণ

author-image
Asomiya Pratidin
New Update
yhhhdd

ডিজিটেল সংবাদ, ডবকাঃ দীৰ্ঘদিনীয়া দাবীৰ অন্তত অৱশেষত ৰেল কৰ্তৃপক্ষই যমুনামুখ ষ্টেচনত তিনিখনকৈ ৰেল ষ্টপেজ প্ৰদান কৰাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে।

উল্লেখ্য যে যমুনামুখ ৰেল ষ্টেচনত কে'বাখনো গুৰুত্বপুৰ্ণ ৰেলৰ ষ্টপেজ বিচাৰি দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজ তথা দল সংগঠনে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছিল!যাৰ ফলত ৰেল কৰ্তৃপক্ষই  তিনিখনকৈ ৰেল পৰীক্ষামূলক ভাৱে যমুনামুখত ষ্টপেজৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি যোৱা নিশা  প্ৰথমখন ৰেল, অৰ্থাৎ গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ  যমুনামুখত প্ৰথম ষ্টপেজ হয়।ইপিনে আজি পুৱা   বি.জি. এক্সপ্ৰেছ আৰু বিয়লি ৰঙিয়া এক্সপ্ৰেছ যমুনামুখ ষ্টেচনত ষ্টপেজ হয়।স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত আনুষ্ঠানিক ফ্লেগ অফ অনুষ্ঠান (পতাকা প্ৰদৰ্শন) কৰি শুভাৰম্ভ কৰা হয়।লগতে প্ৰতিখন ৰেলৰ চালকক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।

এই উপলক্ষে স্থানীয় ৰাইজ আৰু আমছুৰ উদ্যোগত যমুনামুখ ষ্টেচনত এখন সজাগতা মূলক সভাও অনুষ্ঠিত হয়।সভাত সকলো যাত্ৰীয়ে যাতে  টিকট কাটি ৰেলত যাত্ৰা কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

উল্লেখ্য যে এই ৰে’লসমূহৰ ষ্টপেজে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ উজনি, নামনি, বৰাক উপত্যকা আৰু বহি বিশ্বৰ সৈতে যাতায়ত ব্যৱস্থাৰ লগতে বাণিজ্যিক ব্যৱস্থাও  উন্নত হব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

ডবকা