ডবকাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নিচাসক্ত যুৱকৰ সংখ্যা

হোজাই জিলাৰ ডবকাৰ হাজী আনফাৰ আলী কলেজৰ সভাকক্ষত আজি “সেনসিটাইজেচন প্ৰোগ্ৰাম আৰু ইনফৰ্মেচন গেদাৰিং কমিউনিকেশন” শীৰ্ষক এক জাগৰণমূলক সভা অনুষ্ঠিত।

author-image
Asomiya Pratidin
New Update
AP WEB doboka

ডিজিটেল সংবাদ,ডবকাঃ  হোজাই জিলাৰ ডবকাৰ হাজী আনফাৰ আলী কলেজৰ সভাকক্ষত আজি “সেনসিটাইজেচন প্ৰোগ্ৰাম আৰু ইনফৰ্মেচন গেদাৰিং কমিউনিকেশন” শীৰ্ষক এক জাগৰণমূলক সভা অনুষ্ঠিত হয়। ডবকা অঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাই থকা নিচাসক্ত যুৱকৰ সংখ্যা, মাদক দ্ৰব্যৰ অপব্যৱহাৰ, বাল্যবিবাহ, শিশু–নাৰী সৰবৰাহ, মহিলা আৰু কন্যা শিশুৰ ওপৰত যৌন অত্যাচাৰ, লগতে ভিক্ষাবৃত্তিত জড়িত ব্যক্তিসকলৰ পুনর্বাসন- এই সকলো গুৰুত্বপূর্ণ সামাজিক সমস্যাৰ ওপৰত সভাত বিস্তৃত আলোচনা কৰে।

উল্লেখযোগ্য যে নৰ্থ ইষ্ট ৰুৰেল ৱেলফেৰ চ’চাইটিৰ উদ্যোগত আয়োজিত এই সভাত শিক্ষাবিদ, অধ্যাপক, সমাজকৰ্মী, লগতে কলেজৰ বহু ছাত্ৰ–ছাত্ৰী উপস্থিত থাকে।বিশেষ অতিথি হিচাপে ডবকা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধিৰেন বৰদলৈয়ে নিচামুক্ত সমাজ গঠন, অনৈতিক কাৰ্যকলাপ ৰোধ আৰু সামাজিক দায়িত্ববোধ বৃদ্ধি কৰিবলৈ সকলোৱে একেলগে আগবাঢ়ি অহাৰ আহ্বান জনায়। 

তাৰোপৰি তেওঁ উল্লেখ কৰে যে স্মাইল প্ৰজেক্টৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ভিক্ষাবৃত্তি বন্ধ কৰি ভিক্ষুক সকলক বিভিন্ন চৰকাৰী আঁচনিৰ মাধ্যমেৰে পুনর্বাসন কৰাৰ পদক্ষেপ লৈছে। লগতে গুৱাহাটীৰ উপৰিও গোলাঘাট, তেজপুৰ আৰু হোজাইত স্মাইল প্ৰজেক্ট সফলতাৰে চলি থকাৰ কথাও তেওঁ উল্লেখ কৰে।

আনফালে, অনুষ্ঠানত ডবকা পৌৰসভাৰ সভানেত্ৰী মিনাৰা বেগেময়ে মহিলা আৰু কন্যাশিশুৰ সুৰক্ষা, শিক্ষা আৰু ক্ষমতায়নৰ ওপৰত জোৰ দিবলৈ সমাজৰ প্ৰতিটো ব্যক্তিক সচেতন ভূমিকা ল’বলৈ আহ্বান জনায়।সংস্থাটোৰ নেতৃত্বই উদ্বেগ প্ৰকাশ কৰি কয় যে ডবকা অঞ্চলত একাংশ কলেজৰ ছাত্ৰেও নিচাযুক্ত সামগ্ৰীত আসক্ত হৈ চিকিৎসাধীন হ'ব লগীয়া পৰিস্থিতি সৃষ্টি হৈছে। এই সচেতনতা অনুষ্ঠানটোৱে ডবকা সমাজত নৈতিকতা, সুৰক্ষা আৰু নিচামুক্তি সম্পৰ্কে এক ইতিবাচক জাগৰণ সৃষ্টিৰে সক্ষম হৈছে বুলি স্থানীয় সচেতন মহলে প্ৰশংসা কৰে।

ডবকা