/asomiyapratidin/media/media_files/2026/02/10/new-ap-web-2026-02-10-20-32-19.jpeg)
ডিজিটেল সংবাদ, ডবকাঃ ডবকা সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ বনজুইৰ ঘটনা সংঘটিত হোৱাত অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে। কোনো দুষ্ট চক্ৰই নিশাৰ আন্ধাৰত বনাঞ্চলখনত ইচ্ছাকৃতভাৱে অগ্নিসংযোগ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ শালবাগান অঞ্চলত নিশাৰে পৰা বনজুই জ্বলি থকা দেখা গৈছে। উল্লেখযোগ্য যে, বনাঞ্চলখনৰ বিভিন্ন অংশত প্ৰতিনিশাই বন বিভাগৰ টহল চলি থকাৰ পাছতো এই জুই কোনে আৰু কেনেকৈ সংযোগ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে।
অভিযোগ অনুসৰি, বনজুই নিৰ্বাপন কৰাৰ ক্ষেত্ৰত বনবিভাগে কোনো ফলপ্ৰসূ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। ফলত বনাঞ্চলখনৰ বৃহৎ অংশ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু বন্যপ্ৰাণীৰ জীৱনলৈও গুৰুতৰ ভাবুকি আহি পৰিছে।
এই ঘটনাটো ডবকা যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত সংঘটিত হৈছে। ইয়াৰ উপৰিও ডবকাৰ শ্যামযাদু পাহাৰ অঞ্চলতো দুৰ্বৃত্তই বনাঞ্চলত জুই লগাই দিয়া বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে ঘটনাটোৰ সঠিক তদন্ত আৰু দোষীক শাস্তি প্ৰদান কৰাৰ লগতে তৎকালীনভাৱে বনজুই নিৰ্বাপনৰ ব্যৱস্থা ল’বলৈ বন বিভাগক দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us