৫০হাজাৰ টকাৰ জৰিমণা! অধিক চিম কাৰ্ড ব্যৱহাৰ কৰা সকল সাৱধান হওঁক...

জোখতকৈ অধিক চিম কাৰ্ড ব্যৱহাৰকাৰী সকল সাৱধান হওঁক।  ভৰিব লগা হ'ব পাৰে ৫০হাজাৰ টকা পৰ্যন্ত জৰিমণা। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে এক বিশেষ পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলৰ জৰিয়তে

author-image
Asomiya Pratidin
New Update
dimmm

ডিজিটেল ডেস্কঃ জোখতকৈ অধিক চিম কাৰ্ড ব্যৱহাৰকাৰী সকল সাৱধান হওঁক।  ভৰিব লগা হ'ব পাৰে ৫০হাজাৰ টকা পৰ্যন্ত জৰিমণা। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে এক বিশেষ পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলৰ জৰিয়তে কোন ব্যক্তিয়ে কিমানখন চিম কাৰ্ড ব্যৱহাৰ কৰি আছে, সেয়া চাব পাৰি।

যদিহে কোনো ব্যক্তিয়ে উপযুক্ত তথ্য প্ৰমাণৰ অবিহনে চিম কাৰ্ড সমূহ এক্টিভ কৰি ৰাখিছে, তেওঁলোকৰ বিৰুদ্ধে ৫০হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহিব বিভাগীয় কৰ্তৃপক্ষই। এই ব্যৱস্থা এইবাবেই অৱলম্বন কৰা হৈছে যাতে কোনোৱে এই চিম কাৰ্ড সমূহ ৰ্দুব্যৱহাৰ কৰিব নোৱাৰে।

প্ৰথম পৰ্যায়ত ৫০হাজাৰ টকাৰ জৰিমণা যদিও বাৰে বাৰে এনে ভুল কৰি থাকিলে এই জৰিমণা ২লাখ টকা পৰ্যন্ত হ'ব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতত সৰ্বাধিক এগৰাকী ব্যক্তিৰ নামত ৯খন চিম কাৰ্ড উলিওৱাৰ নিয়ম আছে। কিন্তু জম্মু-কাশ্মীৰ, অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যসমূহত ৬খন চিমহে এগৰাকী ব্যক্তিৰ বিপৰীতে ব্যৱহাৰ কৰাৰ নিয়ম আছে। 

ভাৰত