'কৰ্ণাটকৰ সংগীতলৈয়ো জুবিনে মহান অৱদান আগবঢ়াইছিল, সেয়ে আমি আমাৰ সন্মান জনাইছো'- ডিকে শিৱকুমাৰ

'কৰ্ণাটকৰ সংগীত ক্ষেত্ৰলৈয়ো জুবিনে মহান অৱদান আগবঢ়াই গৈছে। সেয়ে ইয়ালৈ আহি আমি আমাৰ সন্মান জনাইছো। তেওঁৰ পৰিয়ালৰ কাষত সহমৰ্মিতাৰে থিয় দিছো।'- ডিকে শিৱকুমাৰ

author-image
Asomiya Pratidin
New Update
new ap web 5

ডিজিটেল ডেস্কঃ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনালে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে। এই অনুষ্ঠানতে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, কৰ্ণাটক চৰকাৰে জুবিনৰ কৰ্ম-ৰাজি সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত ল’ব আৰু ইয়াৰ বাবে ভূমি প্ৰদান কৰিব। 

আজি সাংবাদিকৰ আগত তেওঁ কয়, মই ৰাহুল গান্ধী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰতিনিধি হিচাপে ইয়াত আহি উপস্থিত হৈছো। জুবিনৰ মৃত্যুৰ পাছতে বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ বৈঠকত ৰাহুল গান্ধীয়ে জুবিনৰ মৃত্যুত এক শোক প্ৰস্তাৱ গ্ৰহণ কৰিছিল। 

ডি কে শিৱ কুমাৰে আৰু কয়, সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে তেওঁৰ গীত ভাল পাইছিল। কৰ্ণাটকৰ সংগীত ক্ষেত্ৰলৈয়ো জুবিনে মহান অৱদান আগবঢ়াই গৈছে। সেয়ে ইয়ালৈ আহি আমি আমাৰ সন্মান জনাইছো। তেওঁৰ পৰিয়ালৰ কাষত সহমৰ্মিতাৰে থিয় দিছো।

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে তেওঁ যোৰহাটলৈ অহাৰ খবৰ লাভ কৰি বেংগালুৰুত বাস কৰা বহু অসমীয়া যথেষ্ট আগ্ৰহী হৈ পৰিছে। তেওঁলোকৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই কৰ্ণাটকত জুবিনৰ শিল্প কৰ্মৰ সংৰক্ষণ কৰা হ’ব আৰু ইয়াৰ বাবে চৰকাৰে ভূমি প্ৰদান কৰিব। 

আনহাতে কৰ্ণাটক আৰু অসমৰ সম্পৰ্ক অতি শক্তিশালী বুলি উল্লেখ কৰি তেওঁ কয় যে, অসমকে ধৰি সমগ্ৰ উত্তৰ পূবৰ ৫ লাখৰো অধিক লোক বেংগালুৰু আৰু কৰ্ণাটকত কৰ্মৰত হৈ আছে। তেওঁলোক সকলো অতি নিয়মানুবৰ্তী আৰু সংস্কৃতিবান।  তেওঁ যোৰহাটত উপস্থিত হৈ জুবিনৰ পৰিয়াল, আত্মীয়, অনুৰাগীসকলোৰে সৈতে এই দুখৰ সময়ত সহমৰ্মিতাৰে কৰ্ণাটক চৰকাৰো থিয় হৈছে বুলি উল্লেখ কৰে। 

জুবিন গাৰ্গ কৰ্ণাটক বেংগালুৰু