আজি পোহৰৰ উৎসৱ দীপাৱলী- কালী পূজা

আজি পোহৰৰ উৎসৱ দীপাৱলী। শাৰদী ৰাণীৰ আঁচলত ধৰি ধৰালৈ নামি আহিছে দীপান্বিতা উৎসৱ। একেদৰে আজিৰ এই দিনটোতেই পালন কৰা হ’ব কালী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে কালী পূজা আৰু দীপাৱলীক লৈ প্ৰস্তুতি সম্পন্ন হৈছে। 

author-image
Asomiya Pratidin
New Update
17

ডিজিটেল ডেস্ক : আজি পোহৰৰ উৎসৱ দীপাৱলী। শাৰদী ৰাণীৰ আঁচলত ধৰি ধৰালৈ নামি আহিছে দীপান্বিতা উৎসৱ। একেদৰে আজিৰ এই দিনটোতেই পালন কৰা হ’ব কালী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে কালী পূজা আৰু দীপাৱলীক লৈ প্ৰস্তুতি সম্পন্ন হৈছে। 

অৱশ্যে অসমবাসীক এইবাৰ দীপাৱলীৰ সেই পৰিচিত ফটকা ফুটাই কৰা আনন্দ-উল্লাসে চুব পৰা নাই। নিয়মমাফিক পূজা- অৰ্চনাৰে সম্পন্ন হ’ব দীপাৱলী। কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ হৈ আছে ৰাজ্যবাসী। 

তথাপি তাৰ মাজতে অসূয়া- অপ্ৰীতি দূৰ কৰি সুখৰ বন্যা বোৱাবলৈ ৰাজ্যবাসীয়ে কৰিব প্ৰাৰ্থনা। আধ্যাত্মিক ৰীতি-নীতি, চিন্তা- চেতনা আৰু ভক্তিক সৰোগত কৰিয়েই দীপাৱলী উদযাপন কৰিবলৈ প্ৰস্তুত হৈছে ৰাজ্যবাসী।

দেৱালী