ক'তো নাই দিপাৱলীৰ আনন্দঃ নজ্বলিব কলগছত চাকি ! দুঃচিন্তাত ক্ষুদ্ৰ ব্যৱসায়ী...

author-image
Asomiya Pratidin
New Update
ক'তো নাই দিপাৱলীৰ আনন্দঃ নজ্বলিব কলগছত চাকি ! দুঃচিন্তাত ক্ষুদ্ৰ ব্যৱসায়ী...

diwali

ডিজিটেল ডেস্কঃ উৎসৱ মানেই কেৱল আনন্দ নহয়। এতিয়া উৎসৱৰ লগত জড়িত হৈ থাকে এক বৃহৎ ব্যৱসায়। উৎসৱ উদযাপনৰ বাবে এতিয়া সকলোৱে উৎসৱৰ লগত জড়িত আনুসংগিক বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি সেই বিভিন্ন দিশৰ লগত জড়িত হৈ থাকে ব্যৱসায়ৰ দিশটো।

Advertisment

শৰৎ মানেই উৎসৱ। বিগত দুটাকৈ বছৰ কোভিডৰ বাবে ৰাজ্যবাসীয়ে মুকলিকৈ উৎসৱৰ মাদকতা লাভৰ পৰা বঞ্চিত হৈ আছিল। এইবাৰ কোভিডক লৈ তেনে কোনো নিৰ্দিষ্ট বাধ্যবাধকতা আৰোপ নকৰাত সকলোৱে মুকলি মনেৰে উৎসৱৰ মাদকতা লোৱাৰ আশা কৰিছিল যদিও প্ৰথমে শাৰদীয় দুৰ্গোৎসৱ আৰু তাৰ পিছত দিপাৱলীত বিচৰা ধৰণে আনন্দ উল্লাস কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল ৰাজ্যবাসী।

দুৰ্গোৎসৱত ৰাজ্যজুৰি অহা প্ৰৱল বৃষ্টিপাতে সকলোৰে আনন্দত জটি পেলালে। একেই অৱস্থা কালী পূজা আৰু দিপাৱলীত। সামুদ্ৰিক ঘূৰ্ণিবতাহ ছিট্ৰাঙৰ প্ৰভাৱৰ বাবে সোমবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি পাতলীয়া বৰষুণ আৰু নিশাৰ ভাগত অহা প্ৰৱল বৰষুণে কালী পূজাৰ আনন্দ ম্লান পেলালে। ভক্তই কালী পূজাস্থলিত উপস্থিত হৈ ইচ্ছানুসৰি কৰিব নোৱাৰিলে পূজা অৰ্চনা।

একেই অৱস্থা মঙ্গলবাৰেও। মঙ্গলবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি আহি থকা পাতল আৰু প্ৰৱল বৰষুণৰ বাবে দিপাৱলীৰ আনন্দ সম্পূৰ্ণৰূপে ম্লান পৰিল। উসৱৰ মাদকতা উপভোগ কৰিব নোৱাৰি সৰ্বসাধাৰণে যিদৰে দুখ প্ৰকাশ কৰিছে, ঠিক একেদৰেই ক্ষুদ্ৰ ব্যৱসায়ীসকলেও ব্যৱসায়ীক লোকচানৰ সন্মুখীন হৈ এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে।

দিপাৱলী মানেই পোহৰ। পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বজাৰ মাটিৰ চাকিৰে ভৰি পৰিছিল। একাংশই কালী পূজা উপলক্ষে ইতমধ্যে মাটিৰ চাকি ক্ৰয় কৰিছিল যদিও এই বজাৰখন শেষ হোৱা নাছিল। মঙ্গলবাৰে যিহেতু ৰাজ্যবাসীয়ে দিপাৱলী উদযাপন কৰিব সেয়ে মঙ্গলবাৰৰ আবেলিৰ সময়লৈকে মাটিৰ চাকিৰ এই বজাৰখন ভালকৈয়ে চলিল হয়। কিন্তু বতৰৰ বিজুগতিৰ বাবে এই বজাৰখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল।

যদিও প্ৰশাসনে দিপাৱলীত বোমো ফুটুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কয়, দুদিন/তিনিদিন পূৰ্বে ফটকা, বোমাৰ বিৰুদ্ধে অভিযান চলাইছে তৎস্বত্বেও ফটকাৰ প্ৰচলন অব্যাহত আছে। ফটকা ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই।

ইতিমধ্যে বৃহৎ বণিক গোষ্ঠীয়ে পাইকাৰী হাৰত ফটকা বিক্ৰী কৰিলে। ক্ষুদ্ৰ ব্যৱসায়ীসকলে পাইকাৰী ব্যৱসায়ীৰ পৰা এই ফটকা ক্ৰয় কৰি আনিলে যদিও সোমবাৰৰ পুৱাৰ পৰাই নেৰানেপেৰা বৰষুণ আৰম্ভ হোৱাত এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে এতিয়া মূৰে কপালে হাত দিছে।

কিয়নো এইসকল ব্যৱসায়ী ইতিমধ্যে তেওঁলোকৰ এই ক্ষুদ্ৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিছে আৰু একাংশই বিভিন্ন অচিলাৰে তেওঁলোকৰ পৰা আগতিয়াকৈ টেক্স সংগ্ৰহ কৰিছে। মুখবাগৰি অহা কথা অনুসৰি একাংশ আৰক্ষী, পৌৰ নিগমৰ বিষয়াই বিভিন্ন অচিলাৰে পদপথৰ এই ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে কোনো কোনোৱে ধনৰ বিনিয়মত বৃহৎ পৰিমাণৰ ফটকাও বিনামূলীয়াকৈ লৈ গৈছে।

ফলশ্ৰুতিত এই ব্যৱসায়ীসকলে বিনিয়োগ কৰা ধন হেৰুওৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। একেদৰে মহানগৰীৰ নাগৰিকসকলৰ সুবিধা হোৱাকৈ একাংশ লোকে গাঁৱৰ পৰা কলগছ কাটি আনি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল যদিও বৰষুণৰ বতৰত যিহেতু কলগছত চাকি জ্বলাব নোৱাৰিব সেয়ে কলগছ ক্ৰয়ৰ পৰাও বিৰত থাকিল। এনে পৰিস্থিতিত কলগছ কাটি অনা এই লোকসকলে পৰিবহণ ব্যয় নিজৰ পকেটৰ পৰাহে ভৰিব লগীয়া হ'ল। এনেকুৱা পৰিস্থিতিৰো সূচনা হৈছে যে তেওঁলোকে গাঁৱৰ পৰা গাড়ীত লৈ অহা এই কলগছ সমূহ মহানগৰীৰ ফুটপাথত পেলাই থৈ যাব নে গাঁৱলৈ লৈ যাব তাক লৈও দুমোজাত পৰিছে।

একেদৰে যিসকলে কলগছ ক্ৰয় কৰি আনি ঘৰৰ পদূলিত লগালে তেওঁলোকে সেই কলগছত এছচি চাকিও জ্বলোৱাৰ সুযোগ নাপালে। হাজাৰ টকা দি ক্ৰয় কৰি আনি বিভিন্ন ৰং বিৰঙেৰ লাইটেৰে যিসকলে স্বগৃহ আলোকিত কৰাৰ পৰিকল্পনা কৰিছিল সেইসকলেও এতিয়া সেই লাইটসমূহ জ্বলাবলৈ চিন্তা কৰিবলগীয়া হৈছে। কোন সময়ত কি অঘটন ঘটে তাৰ কোনো নিশ্চিয়তা নাই।

মুঠতে এই কথা নিশ্চিত যে ছিট্ৰাং সামুদ্ৰিকা বতাহৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হ'ল সেই পৰিস্থিতিয়ে এইবাৰ কালী-পূজা আৰু দিপাৱলীৰ আনন্দক ম্লান কৰাই নহয়, অৰ্থনৈতিক ভাৱেও ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জুৰুলা কৰি তুলিলে। ইয়াৰ বিপৰীতে প্ৰতিবাৰৰ দৰেই লাভাম্বিত হৈ ৰ'ল বৃহৎ ব্যৱসায়ীসকল।

diwali 2022