হিন্দু জনসংখ্যা প্ৰায় ৫৫%, তথাপিও উদযাপন নকৰে দীপাৱলী...

সমগ্ৰ দেশে আজি উলহে-মালহে উদযাপন কৰিব দেৱালী। হিন্দু ধৰ্মৰ লোকৰ পবিত্ৰ উৎসৱ দেৱালীক লৈ সকলোৰে মাজত ব্যাপত উচাহ দেখিবলৈ পোৱা গৈছে। পিছে আপুনি জানেনে, ভাৰতত এনে এখন ৰাজ্য আছে য'ত দেৱালী উদযাপন কৰা নহয়।  

author-image
ৰিম্পী গগৈ
New Update
WhatsApp Image 2025-10-20 at 2.21.58 PM

ডিজিটেল ডেস্কঃ আজি পোহৰৰ উৎসৱ দীপান্বিতা। সমগ্ৰ দেশে আজি উলহে-মালহে উদযাপন কৰিব দেৱালী। হিন্দু ধৰ্মৰ লোকৰ পবিত্ৰ উৎসৱ দেৱালীক লৈ সকলোৰে মাজত ব্যাপত উচাহ দেখিবলৈ পোৱা গৈছে। পিছে আপুনি জানেনে, ভাৰতত এনে এখন ৰাজ্য আছে য'ত দেৱালী উদযাপন কৰা নহয়।  

এই ৰাজ্যখনৰ নাম হৈছে কেৰালা। কেৰালাত হিন্দু জনসংখ্যা প্ৰায় ৫৫%। ধৰ্মীয় আৰু সাংস্কৃতিৰ বাবে বিখ্যাত কেৰালাৰ দীপাৱলীক লৈ দৃষ্টিভংগী ভাৰতৰ বাকী ৰাজ্যসমূহত কৈ বেলেগ। ইয়াৰ বেছিভাগ হিন্দু পৰিয়ালে বিশেষ ধুমধামেৰে দীপাৱলী পালন নকৰে। ইয়াৰ মূল কাৰণ হৈছে স্থানীয় বিশ্বাস আৰু পৰম্পৰা। 

দেৱালীৰ দিনা কেৰালাৰ ৰজা মহাবলীৰ মৃত্যু হোৱা বুলি কোৱা হয়। সেয়েহে বহু পৰিয়ালে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰোতকৈ ভক্তিমূলক আৰু শান্তিপূৰ্ণ ভাৱেহে আজিৰ দিনটো পালন কৰে।  কোনো ধৰণৰ কোলাহল অথবা ফটকা ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ আধ্যাত্মিকভাৱে পালন কৰে দীপান্বিতা।

উল্লেখযোগ্য যে, কেৰালাৰ বাৰিষা দীপাৱলীৰ আশে-পাশে থাকে, যাৰ বাবে লেম্প জ্বলোৱা আৰু ফটকা ফাটি যোৱাটো কঠিন হৈ পৰে। অৱশ্যে এইটোৱেই একমাত্ৰ কাৰণ নহয়, কিয়নো মহাবলীৰ সৈতেও জড়িত ওনামৰ দৰে উৎসৱবোৰ অতি আড়ম্বৰেৰে পালন কৰা হয়। গতিকে ধৰ্মীয় দিশটো অধিক গভীৰ বুলি ধৰা হয়।

আনহাতে, কেৱল কেৰালাতে নহয়, তামিলনাডুৰ কিছুমান ঠাইতো দীপাৱলীৰ পৰম্পৰাগত ৰূপ বেলেগ। তাত থকা মানুহে নৰক চতুৰ্দশীক বিশেষ গুৰুত্ব দিয়ে। কিংবদন্তি অনুসৰি ভগৱান শ্ৰীকৃষ্ণই আজিৰ দিনটোতে নৰকাসুৰক বধ কৰিছিল। সেয়ে তামিলনাডুত এই দিৱসটো অতি উৎসাহেৰে "ছোটি দীপাৱলী" হিচাপে পালন কৰা হয়।

দেৱালী