/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a1ff3310-5623-4758-8094-042a5d8d7b5d/mathurapur_24.jpg)
mathurapur
ডিজিটেল সংবাদ মথুৰাপুৰঃ পুৱাৰে পৰা নিশা পৰ্যন্ত পাতলীয়া বৰষুণ অব্যাহত থকাত এইবাৰ দিপাৱলীৰ আনন্দ ৰাজ্যৰ আন প্ৰান্তৰ লগতে ম্লান পৰা পৰিলক্ষিত হৈ চৰাইদেউ জিলাৰ মথুৰাপুৰতো৷ বৰষুণৰ বাবে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ উপস্থিতি তেনেই সেৰেঙা হোৱাৰ লগতে কালী পূজা স্থলিতো কম সংখ্যক ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়৷
আনহাতে বৰষুণৰ বাবেই ব্যৱসায়ীক প্ৰতিষ্ঠান তথা সৰ্বাসাধাৰণ লোকৰ গৃহৰ সন্মুখতো চাকি জ্বলোৱাত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হ'ল। যদি বতৰৰ এনে বিজুগতি কাইলৈ দিনটোতো অব্যাহত থাকে তেন্তে এইবাৰ উৎসৱৰ আনন্দ যে সম্পূৰ্ণৰূপে ম্লান পৰিব সেয়া নিশ্চিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us