/asomiyapratidin/media/media_files/2025/08/11/kamrup-11-2025-08-11-19-05-50.jpg)
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগে দেশৰ সকলো ৰাজ্যত ডিজিটেল শস্য জৰীপ খাৰিফ ২০২৪ চনৰ পাৰ আৰম্ভ কৰিছে। ডিজিটেল শস্য জৰীপৰ মূল উদ্দেশ্য হৈছে প্ৰতি ঋতুতে উৎপাদিত প্লট-স্তৰৰ শস্যৰ মূল্যায়ন কৰা আৰু জিঅ' টেগ কৰা ফটোত ভৌতিক পৰিদৰ্শনৰ জৰিয়তে প্রমানীকৰণ কৰা।
এইবছৰো অহা ১৬ আগষ্ট তাৰিখৰ পৰা ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে এই জৰীপ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। তদুপলক্ষে আজি কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি জিলাভিত্তিক প্ৰশিক্ষণ সভাৰ আয়োজন কৰা হয়।
প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰি অনা হয় ডিজিটেল শস্য জৰীপ প্ৰকল্পৰ পৰামৰ্শদাতা প্ৰসন্ন শইকীয়াক। সভাত কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ ডাঙৰীয়া, অতিৰিক্ত আয়ুক্ত মুনমী কলিতা, জিলা কৃষি বিষয়া মানৱজ্যোতি দাস, ডিজিটেল শস্য জৰীপৰ ৰাজ্যিক নডেল বিষয়া মানস প্ৰতীম মহন্ত, মহকুমা কৃষি উন্নয়ন বিষয়া জ্যোতি প্ৰসাদ দাস, ডিজিটেল শস্য জৰীপ, কামৰূপ জিলাৰ নডেল বিষয়া কুমুদ চৌধুৰী, কামৰূপৰ প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, প্ৰতিটো কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া প্ৰমুখ্যে কৃষি বিভাগ আৰু ৰাজহ চক্ৰৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।