ভোটাৰ তালিকাত বিসংগতিঃ জিলা নিৰ্বাচনী বিষয়াৰ স্পষ্টীকৰণ

"বৰ্তমান দাবী আৰু আপত্তি দাখিলৰ সময়সীমা চলি থকাৰ পৰিপ্ৰেক্ষিতত, নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ অনুসাৰে সংশ্লিষ্ট BLO-ৰ দ্বাৰা প্ৰয়োজনীয় সংশোধনী কাৰ্য আৰম্ভ কৰা হৈছে।"

author-image
Asomiya Pratidin
New Update
new ap web 1 (40)

ডিজিটেল সংবাদ, গুৱাহাটীঃ শেহতীয়াকৈ ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত অচিনাকি মানুহৰ নাম অন্তৰ্ভূক্তিক লৈ চলি থকা বিতৰ্কৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচনী বিষয়াই।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিষয়া গৰাকীয়ে উল্লেখ কৰে যে,"৩৫–নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোট গ্ৰহণ নং–১, ৰবীন্দ্ৰ ভৱন (সোঁ-শাখা)-ৰ খচৰা ভোটাৰ তালিকাত কিছুমান বিসংগতিৰ কথা প্ৰকাশ পাইছে। এই সন্দৰ্ভত স্পষ্ট কৰি জনোৱা হৈছে যে উক্ত ভোট গ্ৰহণ কেন্দ্ৰত দুটা পৰিয়ালৰ সৈতে জড়িত বিসংগতি ইতিমধ্যে প্ৰি ৰিভিজন কাৰ্যসূচীৰ অংশ হিচাপে সম্পন্ন কৰা ঘৰে-ঘৰে সমীক্ষা (House-to-House Survey) সংশ্লিষ্ট বুথ লেভেল বিষয়া (BLO)-এ চিনাক্ত কৰিছিল। এই বিসংগতি যথাযথভাৱে Statement–1-ত লিপিবদ্ধ কৰা হৈছিল আৰু খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বেই দাখিল কৰা হৈছিল।"

বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে যে, "বৰ্তমান দাবী আৰু আপত্তি দাখিলৰ সময়সীমা চলি থকাৰ পৰিপ্ৰেক্ষিতত, নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ অনুসাৰে সংশ্লিষ্ট BLO-ৰ দ্বাৰা প্ৰয়োজনীয় সংশোধনী কাৰ্য আৰম্ভ কৰা হৈছে। উক্ত বিসংগতি সংশোধন ১০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাত প্ৰতিফলিত হ’ব।"

ইফালে, ৰাইজে কোনো বিসংগতি লক্ষ্য কৰিলে সংশ্লিষ্ট BLO, নিৰ্বাচনী পঞ্জীয়ন বিষয়া  অথবা ECINET প’ৰ্টেলৰ জৰিয়তে অৱগত কৰিব কৰিবলৈ অনুৰোধ জনাইছে কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচনী বিষয়াই। তদুপৰি, ভোটাৰসকলে ভোটাৰ হেল্পলাইন নম্বৰ ১৯৫০ত ফোনযোগে অভিযোগ দাখিল কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। "প্ৰাপ্ত সকলো অভিযোগ ক্ষেত্ৰস্তৰত পৰীক্ষা কৰি প্ৰয়োজনীয় সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হয়" বুলিও জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে।

বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে যে, "ভোটাৰসকলৰ অভিযোগ নিষ্পত্তি আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত ১০ আৰু ১১ জানুৱাৰী, ২০২৬ তাৰিখে গাঁও সভা আৰু ৱাৰ্ড সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে, য’ত ভোটাৰসকলে নিজৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰে।"

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভোটাৰ তালিকাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল। প্ৰকৃত ভোটাৰৰ সমানে সমানে অচিনাকি মানুহৰ নাম থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। 

খচৰা ভোটাৰ তালিকা চূড়ান্ত ভোটাৰ তালিকা ভোটাৰ তালিকা